জাগীৰোডৰ মাধৱ নগৰত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 23 September 2019

জাগীৰোডৰ মাধৱ নগৰত বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

মৰিগাওঁ জিলাৰ জাগীৰোড সমষ্টিৰ মাধৱ নগৰত বছৰ বছৰ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে হিন্দু মুছলমান লোকে, জাগীৰোড চহৰৰ পৰা মাত্ৰ ১৫০০ মিটাৰমান দূৰত অৱস্থিত মাধৱ নগৰবাসীয়ে এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হৈছে, পাহাৰৰ পৰা হাবি জংগলৰে বৈ অহা নিজৰাৰ পানীৰেই সকলো কাম কৰিব লগা হয় প্ৰায় ৫০০ পৰিয়ালৰ, ঠাণ্ডা দিন অহাৰ লগে লগে নিজৰাৰ পানী কমি যোৱাত মাধৱ নগৰ অঞ্চলৰ ৰাইজ এটুপাল পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়।
 উল্লেখযোগ্য যে নিজৰাৰ পৰা বৈ অহা পানী জমা কৰি ৰখাবৰ বাবে দেউশাল পঞ্চায়তে আজিৰ পৰা ৫ বছৰ আগতে এটি টেংকি নিৰ্মাণৰ বাবে ৭ লাখ টকাৰ আৱন্টন দিছিল যদিওঁ মাত্ৰ পঞ্চাশ হাজাৰ মান টকা ব্যয় কৰি নামমাত্ৰ টেংকি এটা বনাই বাকীখিনি টকা তেতিয়াৰ প্ৰতিনিধি সকলে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছ, যিটো টেংকি নিৰ্মাণ কৰা হৈছে তাত নিজৰাৰ পানী জমাহোৱাটো একেবাৰে অসম্ভৱ, কিয়নো বৰষুণৰ বতৰত টেংকিটোত তলফালে পানী সোমায় লগতে কুকুৰ, গৰু, গাহৰী আদিয়ে পানী নষ্ট কৰে, সেয়েহে মাধৱ নগৰবাসীয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী আৰু মৰিগাঁও জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় যে টেংকি নিৰ্মাণ নকৰি টকা আত্মসাৎ কৰা প্ৰাক্তন প্ৰতিনিধি সকলক আইনৰ আওতাত আনি উপযুক্ত শাস্তি বিহাৰ লগতে পানী জমা হোৱা কৈ এটি টেংকি নিৰ্মাণ কৰি দিব লাগে ।
জাগীৰোডৰ পৰা ইচাহক চৌধাৰীৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages