কলিয়াবৰত কোচ ৰাজবংশীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 17 September 2019

কলিয়াবৰত কোচ ৰাজবংশীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

কলিয়াবৰ মহকুমা কাৰ্য্যালয় প্ৰাংগণত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চাহ মজদুৰ সংঘৰ পৃথকে পৃথকে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন। কলিয়াবৰ মহকুমা কাৰ্য্যালয় প্ৰাংগণত এন আৰ চিত কোঁচ ৰাজবংশী সকলৰ নাম বাদ পৰাৰ প্ৰতিবাদত নগাওঁ জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জিলা মহিলা পৰিষদৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটিয়ে ।প্ৰতিবাদস্থলিত প্ৰতীক হাজেলা মূর্দাবাদ ,কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ হাই হাই ,আদি ধ্বনিৰে মহকুমা কাৰ্য্যালয়প্ৰাংগণ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। আনহাতে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটিয়ে ।ইফালে কলিয়াবৰ চাহ মজদুৰ সংঘৰ লগতে অসম চাহ মজদুৰ সংঘ নগাঁও জিলা সমিতিয়েও কলিয়াবৰ মহকুমা কাৰ্য্যালয় প্ৰাংগণত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।আগন্তুক দুৰ্গা পূজাৰ আগতে 20 শতাংশ বনাচ প্ৰদান কৰা ,চাহ মজদুৰ সম্প্ৰদায়ৰ লোকক মাটিৰ পট্টা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত ৰূপায়ণ কৰে এই ধৰ্মঘট কাৰ্যসূচী । লগতে উল্লেখিত দাবীসমূহৰ সমৰ্থনত বিভিন্ন শ্লোগানৰে কলিয়াবৰ মহকুমা কাৰ্য্যালয় প্ৰাংগণ উত্তাল কৰি তোলে সংঘৰ বিষয় ববীয়াই।ইফালে ২ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চাহ মজদুৰ সংঘ নগাঁও জিলা সমিতিয়েও
কলিয়াবৰৰ পৰা ৰিদিপ শৰ্মাৰ ৰিপৰ্ট

Post Bottom Ad

Pages