বটদ্ৰৱাৰ বাটমাৰীত চাৰিটা গৃহ বন্দী ছাত্ৰ ছাত্ৰীৰ হিয়া ভগা কান্দোন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 24 September 2019

বটদ্ৰৱাৰ বাটমাৰীত চাৰিটা গৃহ বন্দী ছাত্ৰ ছাত্ৰীৰ হিয়া ভগা কান্দোন

বটদ্ৰৱাৰ বাটমাৰীত চাৰিটাকৈ পৰিয়ালক গৃহ বন্দী কৰিলে একাংশ উদণ্ড লোকে। মানৱ অধিকাৰ উলংঘন কৰি ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ যাব নোৱাৰাকৈ অহা যোৱা পথত আগ ফালে আৰু পিছফালে জেউৰা মাৰি কাইট দি পথ সমুহ বন্ধ কৰি এক অমানৱীয় অত্যাচাৰ চলালে এই চাৰিটা পৰিয়ালক। এই বৰ্বৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত। যোৱা দুদিন ধৰি গৃহ বন্দী পৰিয়ালটোৰ ছাত্ৰ ছাত্ৰী সকল বিদ্যালয়লৈ আহিব নোৱাৰি কান্দি কান্দি বিহ্বল হৈ পৰিছে। আনহাতে উক্ত গৃহ বন্দী পৰিয়ালৰ টোৰ বৃদ্ধ তথা পুৰুষ মহিলা সকলো ঘৰৰ পৰা ওলাই চিকিৎসালয়লৈ আহিব নোৱাৰি ৰোগীয়া হৈ পৰিছে। উক্ত বৰ্বৰ ঘটনাৰ খবৰ পাই সাংবাদিক আৰু আমছু নেতা উপস্থিত হোৱাৰ পাছত জোৰ জুলুম কৰি গুণ্ডা গিৰি কৰি পৰিয়ালটোক গৃহ বন্দী কৰি ৰখা এচাম উদণ্ড লোকে সাংবাদিকৰ সন্মুখতে আমছু নেতাক মাৰপিট কৰিবলৈ চোচাঁ লয়।আনকি অকথ্য গালি গালাজ পাৰে। এনে লজ্জাজনক ঘটনাৰ বিষয়ে তীব্ৰ গৰিহণা দিছে বাটমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক তজম্মুল হুছেইনে। চাওঁক এয়া অসমৰে ঘটনা । নিলৰ্জ্জ, বৰ্বৰ ঘটনা এইবাৰ সংঘটিত হৈছে বাটমাৰীত। নিমাত আৰক্ষী প্ৰশাসন । সচাকৈ অসমত মানৱ অধিকাৰ নামৰ বিভাগ এটা আছে নে? শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰা এই পাষণ্ড কেইটাক অতি শীঘ্ৰে গেপ্তাৰ কৰি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনে।

Post Bottom Ad

Pages