বৰপেটাৰ ৩০২ খন চৰকাৰী বিদ্যালয়ত স্মাৰ্ট ক্লাছ ব্যৱস্থাৰ উদ্ধোধন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 20 September 2019

বৰপেটাৰ ৩০২ খন চৰকাৰী বিদ্যালয়ত স্মাৰ্ট ক্লাছ ব্যৱস্থাৰ উদ্ধোধন


ভৱানীপুৰ ১৯ চেপ্তেম্বৰঃ- প্ৰধান মন্ত্ৰী জন সেৱা কাৰ্যক্ৰমৰ অধীনত বৰপেটা জিলাৰ ৩০২ খন বিদ্যালয়ত স্মাৰ্ট ক্লাছ ব্যৱস্থাৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ সংখ্যালঘু কল্যাণ তথা হস্ততাতঁ বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এখন উদ্ধোধনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ,আজি আমাৰ চৰকাৰী বিদ্যালয়ত ডিজিটেল মাধ্যমত পাঠদান কৰাটো এটা সপোন সপোন যেন লগা কথা। এই ব্যৱস্থাই নিশ্চিতভাৱে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিব আৰু আকৰ্ষণ বৃদ্ধি কৰিব। এই আচঁনিখনৰ ফলশ্ৰুতি ইতিবাচক হ’লে পৰবৰ্তী পৰ্যায়ত এনে ব্যৱস্থা আন বিদ্যালয় সমূহলৈও সম্প্ৰসাৰিত কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। সভাত ১০ খন নিৰ্বাচিত বিদ্যালয়ৰ মাজত আনুষ্ঠানিক ভাৱে স্মাৰ্ট ক্লাছৰ সঁজুলি বিতৰণ কৰা হয়। সভাত হাউছফেডৰ অধ্যক্ষ তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, সংখ্যালঘু উন্নয়ন তথা হস্ততাতঁ বস্ত্ৰ আৰু ৰেচম বিভাগৰ আয়ুক্ত গৌৰৱ বোথ্ৰা আৰু চৰ উন্নয়ন বিভাগৰ সঞ্চালক মাহমুদ হাচানেও ভাষণ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আঁতধৰা সভাখনৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই। স্মাৰ্ট ক্লাছ ব্যৱস্থাটোৰ কাৰ্যকাৰিতা সম্পৰ্কত এটি প্ৰদৰ্শন দাঙি ধৰে এই প্ৰকল্পটোৰ ৰূপায়ণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠান এডচিল ইণ্ডিয়াৰ প্ৰতিনিধি নিবেদিতা বৰঠাকুৰ আৰু ৰাকেশ ডেকাই। সভাত সংখ্যালঘু উন্নয়ন আৰু শক্তি বিভাগৰ সচিব চৈয়দ হাচিনা মুৰ্চিদ ৰহমান, অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অসম শক্তি বিতৰণ প্ৰতিষ্ঠানৰ সঞ্চালক মণ্ডলীৰ সদস্য শংকৰ দাস আৰু এডচিল ইণ্ডিয়া লিমিটেডৰ উপ মহাপ্ৰৱন্ধক সুশীল কাটাৰিয়া আদি বিশিষ্ট অতিথি সকলো মঞ্চত উপস্থিত থাকে। উল্লেখ্য যে সভাত জনোৱা মতে প্ৰধানমন্ত্ৰী জন সেৱা কাৰ্যক্ৰম আঁচনিৰ অধীনত পোনপ্ৰথম বাৰলৈ প্ৰবৰ্তন কৰিবলৈ লোৱা এই ডিজিটেল ক্লাচৰোম ব্যৱস্থাৰ অধীনত বৰপেটা জিলাৰে সৰ্বাধিক সংখ্যক বিদ্যালয় নিৰ্বাচিত হৈছে। প্ৰতিখন বিদ্যালয়ক দুটাকৈ অত্যাধুনিক বৈদ্যুতিন সঁজুলি প্ৰদান কৰা হৈছে। ইয়াৰ বাবে সংশ্লিষ্ট বিদ্যালয় সমূহৰ ৪ জনকৈ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

ভৱানীপুৰৰ পৰা বুবু কলিতাৰ ৰিপোৰ্ট

Post Bottom Ad

Pages