মৈৰাবাৰীত চৰকাৰী ভূমি উচ্ছেদৰ জাননী প্ৰশাসনৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 23 September 2019

মৈৰাবাৰীত চৰকাৰী ভূমি উচ্ছেদৰ জাননী প্ৰশাসনৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰীত চৰকাৰী ভূমি উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ লগে লগেই বেদখলকাৰীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিলে উচ্ছেদ অভিযান। মৰিগাঁও জিলাৰ মৈৰাবাৰীত গড়কাপ্তানী বিভাগৰ সংৰক্ষিত আৰু চৰকাৰী ভূমি বেদখল কৰি বেদখলকাৰীয়ে ব্যৱসায় চলাই আহিছিল। শনিবাৰে নিশা প্ৰশাসনে মাইক যোগে গড়কাপ্তানী বিভাগৰ সংৰক্ষিত ভূমি আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ জাননী দিয়াৰ লগে লগেই বেদখলকাৰী সকলে নিজাববীয়াকৈ বেদখল মুক্ত কৰাত লাগি পৰে। মৈৰাবাৰীৰ পৰা মৰিগাঁও সদৰলৈ যোৱা পথৰ দুয়ো কাষত দেখা পোৱা গ’ল জেচেবিৰে বেদখলকাৰী সকলে বেদখল মুক্ত কৰাৰ দৃশ্য।
মৈৰাবাৰীৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট

Post Bottom Ad

Pages