ভৱানীপুৰত এন.আৰ.চি.ৰ সজাগতা সভা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 24 September 2019

ভৱানীপুৰত এন.আৰ.চি.ৰ সজাগতা সভা

ভৱানীপুৰ, ২৪ চেপ্তেম্বৰঃ- এন আৰ চিৰ পৰা বাদ পৰা বৈধ ভাৰতীয়ৰ হৈ সংগ্ৰাম চলাই যাব আমছুৱে। এন আৰ চিৰ পৰা বৈধ ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা বিষয়ক কেন্দ্ৰ কৰি সজাগতা সভা অনুষ্ঠিত কৰে । আজাদ ফাউণ্ডেচন আৰু ইউনাইটেড ক্লাৱ এণ্ড লাইব্ৰেৰীৰ যৌথ উদ্যোগত হিলাপাকৰী ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সজাগত সভাখনত উপস্থিত থাকি আমছুৰ বৰপেটা জিলা সাংস্কৃতিক সম্পাদকে কয় যি সকল প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে সেই সকলক যিকোনো প্ৰকাৰে সহায় কৰিব।এন আৰ চিত নাম বাদ পৰা সকলৰ হৈ সংগ্ৰাম চলাই যাব আমছুয়ে।বাদ পৰা সকলক শংকিত নহবলৈ আহ্বান জনায় কিদৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব পাৰি সেই বিষয়ক লৈ ৰাজ্যৰ বিভিন্ন ঠাইত ইতিমধ্যে বিভিন্ন ঠাইত সজাগত সভা পাতি আহিছে আমছুয়ে উক্ত সভাতেই আইনী সাহাৰ্য প্ৰদান কৰাৰ উপৰিও আৰ্থিকভাৱেও সহায় কৰিব বুলি উল্লেখ কৰে আমছুয়ে|
সভাত উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মোস্তাফা খাদ্দাম হুচেইন,, জনীয়া বিধান সভা সমষ্টিৰ বিধায়ক ডঃহাফিজ ৰফিকুল ইছলাম, প্ৰাক্তন বিধায়ক, জনীয়া,সাজাহান আলী আহমেদ ,আশ্ৰাফুল ইছলাম, কাৰ্যকৰী সভাপতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি,অসম দেৱান ফজলুৰ ৰহমানৰ সভাপতিত্ব সভাখন সুচাৰুৰূপে পাৰ কৰে|
ভৱানীপুৰৰ পৰা বুবু কলিতাৰ ৰিপোৰ্ট

Post Bottom Ad

Pages