মৈৰাবাৰীত অংগনবাদী কৰ্মীৰ ৰেলি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 29 September 2019

মৈৰাবাৰীত অংগনবাদী কৰ্মীৰ ৰেলি

মৰিগাঁও জিলাৰ মৈৰাবাৰীত আজি ভিন্ন ৰূপত দেখা গল অংগনবাদী কৰ্মী আৰু সহায়িকা সকলক।মৈৰাবাৰী ৰাজপথত কেইবাশতাধিক অংগনবাদী কৰ্মী। আজি তেওঁলোকে কোনো প্ৰতিবাদ কৰিব ৰাজপথত অহা নাই আজি অংগনবাদী কৰ্মী সককে হাতে হাতে বেনাৰ পোষ্টাৰ ৰ লগতে কেঁচা শাক পাচলি লৈ ৰাজ পথত ওলাই আহিছে তেওঁলোক।পোষণ দিৱস উপলক্ষে মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা মৈৰাবাৰী অংগন বাদি কেন্দ্ৰ সমূহৰ কৰ্মী সহায়িকা সকলে মহিলা যুৱতী আৰু শিশু সকলক সজাগ কৰিবলৈ হাতে হাতে বিভিন্ন শ্লগান লিখা পোষ্টাৰ আৰু ভিন্ন নিভাঁজ আইৰণ জাতীয় কেঁচা শাক পাচলি লৈ মৈৰাবাৰী ৰ বজাৰত ভিন্ন কাৰ্যসূচী আয়োজন কৰে। বিনীতা বেজ আৰু নাৰ্জিনা ৰহমানৰ পৰিচালনাত সজাগতা ৰেলিত দেখা গল ভিন্ন শ্ৰেণীৰ ৰাইজৰ সহযোগ। মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মৰিগাঁও জিলা ৰ বিষয়া দেৱজিত বৰা ও উপস্থিত থাকে। অংগবাদীৰ কৰ্মী আৰু সহায়িকা সকলে আজি উলিওৱা এই প্ৰদক্ষেপক ৰাইজে বিপুল আদৰণি জনোৱা হৈছে।
মৈৰাবাৰীৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages