বজালীত উপস্থিত টিম ৰত্নাকৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 30 September 2019

বজালীত উপস্থিত টিম ৰত্নাকৰ

ইখনৰ পিছত সিখন অসমীয়া চলচ্চিত্ৰই যেন উপচাই তুলিছে অসমীয়া ছবি জগত। ইতিমধ্যৰ মুক্তি লাভ কৰা জুবিন গাৰ্গৰ কাঞ্চনজংঘা, ৰিমা দাসৰ বুলবুল কেন চিং ৰ পিছত পুনৰ ১১ অক্টোবৰত অসমৰ প্ৰতিতো ছবিগৃহতেই মুক্তি লাভ কৰিব অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতিন বৰাৰ পৰিচালনাত “ৰত্নাকৰ”। ইতিমধ্যে “ৰত্নাকৰ” ছবিখনৰ প্ৰচাৰৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ঘুৰিছে টীম ৰত্নাকৰ। আজি বজালীৰ পাঠশাত উপস্থিত হ’য় পৰিচালক,অভিনেতা যতিন বৰা, অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অভিনেতা পদ্মনাথ গোস্বামী, অসমৰ একমাত্ৰ লেডি ৰেপ শিল্পী চয়নীকা লগতে যতিন বৰাৰ পত্নী নবনিতা কলিতাৰ সৈতে টীম ৰত্নাকৰৰ বহুকেইগৰাকী কলাকুশলীয়ে নিৰ্মল হালৈ মহাবিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, আনন্দৰাম বৰুৱা একাডেমীৰ লগতে হজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ আগত ব্যাপক প্ৰচাৰ চলাই। ১১ অক্টোবৰত অসমৰ সমূহ ছবিগৃহতে শুভমুক্তি লাভ কৰিবলৈ লোৱা ছবিখন সকলোৱে ওলাই আহি উপভোগ কৰিবলৈ আহ্বান জনায় পৰিচালক জনপ্ৰিয় অভিনেতা যতিন বৰাই ।
পাঠশালাৰ পৰা নিৰ্মল ৰয়ঃ অসম লাইভ

Post Bottom Ad

Pages