Austin Munna: আজি ভাৰতবৰ্ষৰ মুছলমান মহিলাৰ বাবে এক ঐতিহাসিক দিন। আজিৰেপৰা তিনি তালাকৰ নামত কোনো বিবাহিত মুছলমান মহিলাই নিজৰ স্বামীক ভয় কৰিবলগীয়া নহ’ব। বিগত ১৪০০ বছৰে মুছলমান বিবাহ আৰু তালাক প্ৰথাত চলি থকা “তিনি তালাক”ৰ বিষয়ে কিছুকথাঃ
“তালাক, তালাক, তালাক”
তালাকৰ ক্ষেত্রত এটা কথা সদায়ে লুকাই ৰখা হয় বা আলোচনাকাৰীয়ে লুকাই ৰখাৰ চেষ্টা কৰে সেয়া হৈছে “তিনিবাৰ তালাক কলে শ্বৰীয়ত মতে বিবাহ বিচ্ছিন্ন হয় ঠিকেই কিন্তু প্রতিবাৰ তালাক উচ্চাৰণৰ মাজত সময়ৰ ব্যবধান হব লাগিব কমেই ৩০ দিন আৰু এই উচ্চাৰণ কৰিব লাগিব অতি কমেও দুজন বালেগ (প্রাপ্ত বয়স্ক) সুস্থ সাক্ষীৰ সন্মুখত ”
তিনি তালাক দিয়াৰ আগতে পত্নীক প্ৰথমে বুজাবলৈ চেষ্টা কৰিৱ লাগিৱ, যদি বুজনিৰ পিছতো কাম নহয় তেতিয়া কিছুদিনৰ কাৰনে স্বামীৰ পৰা দূৰৈত ৰাখিব লাগিৱ, তেনেক্ষেত্ৰতো যদি কাম নিদিয়ে তেতিয়া পত্নীক শাসন কৰিব লাগিব, শাসন কৰাৰ পিছতো যদি সম্পৰ্কত কোনো ঠন নধৰে তেনেক্ষেত্ৰত ঘৰৰ বয়োজেষ্ঠ জনক গোচৰ দিয়া দৰকাৰ।
তাৰোপৰি তালাক উচ্চাৰণকাৰী ব্যক্তিজন সম্পূর্ণ ৰূপে মানসিকভাবে সুস্থ থাকিব লাগিব আৰু পত্নীৰ মাহেকীয়া চলি থাকিৱ নোৱাৰিব অন্যথা সেয়া বৈধ বুলি গণ্য কৰা নহয়।
“তালাক”- মূল আৰবী শব্দ যাৰ অৰ্থ মই তোমাক ত্যাগ কৰিলো বা মই তোমাক বিচ্ছেদ দিলো ৷৷ ইছলামীক আইন (যাক শ্বৰিয়ত বুলি কোৱা হয়) এজন স্বামীয়ে তেওঁৰ পত্নীক তিনিবাৰ তালাক তালাক তালাক বুলি উচ্চাৰণ কৰিলে তেওঁলোকৰ মাজত বৈবাহিক সম্পৰ্ক চেদ হয় ৷ কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ বিষয় এটা বিবেচনাৰ আওতালৈ আহে সেইটো হল তিনি তালাক উচ্চাৰণৰ সময়ত পুৰুষ জনৰ মানসিক অৱস্থা, যদি ৰাগিয়াল দ্ৰব্য সেবন কৰি নিচা সক্ত হৈ আছে, মানসিক ৰোগী, অতিপাত খং, কাৰোবাৰ প্ৰৰোচনাত কৈছে তেন্তে সেই তালাক বৈধতাহীন ৷৷ এক সুস্থিৰ মগজু আৰু পতি পত্নীৰ মাজৰ আলোচনাৰ মাধ্যমেৰে উপনীত হোৱা বিচ্চেদক তিনি তালাকৰ মাধ্যমেৰে সম্পাদিত কৰা হয় ৷
আমাৰ সমাজত এটা ভ্ৰান্ত ধাৰণা আছে যে তালাক তালাক তালাক বুলি স্বামীয়ে ৩ বাৰ ক’লেই তালাক হৈ যায়; যেন ই এক পুতলা দৰা-কইনাৰে খেল হৈ পৰিছে।এঁওলোকক দেখি একাংশ অমুছলমানে তালাক প্ৰথাৰ নাম লৈ ইচলামক আৰু সমগ্ৰ মুছলমান সমাজক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।কিন্তু প্ৰকৃতাৰ্থত তালাক প্ৰথা কি? ইয়াকে জানিবলৈ চেষ্টা কৰো আহকঃ
তালাক প্ৰথা হৈছে বিবাহ বিচ্ছেদ কৰা এটি দীঘলীয়া প্ৰক্ৰিয়া। যেতিয়া স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় তেতিয়া দুইজনে মিলি প্ৰথমে মিমাংসা কৰিবলৈ চেষ্টা কৰিব লাগে।ইয়াৰ পাছতো যদি মিমাংসা নহয় তেতিয়া পৰিয়ালৰ মানুহ মাতি আনি মিমাংসাৰ চেষ্টা চলাব লাগিব|তাৰ পাছতো যদি সফল নহয় তেতিয়া বিবাহ বিচ্ছেদৰ পন্থা অৱলম্বন কৰিব লাগিব।যেতিয়া স্বামীয়ে তালাক দিব তেতিয়া লগত দুজন সাক্ষী থকাটো বাধ্যতামূলক। ইয়াৰ পাছত অৰ্থাৎ তালাক হৈ যোৱাৰ পাছত তিনিমাহলৈ তেঁওলোক একেলগে একেখন ঘৰত থাকিব পাৰিব কিন্তু কোনো শাৰিৰীক সম্পৰ্ক ৰাখিব নো্ৱাৰিব।তিনিমাহ সময় একেলগে থাকিব দিয়া হয় কাৰণ যদিহে তেওলোকৰ বিবাহ বিচ্ছেদ লৈ অনুশোচনা হয়; পুন: তেঁওলোকৰ মিলন হব পাৰে। (কোৰআন ২:২২৮)
ইয়াৰ পাছতো যদি মিলন নহয় তেন্তে তেতিয়াহে প্ৰকৃতাৰ্থত তালাক হ’ব।আৰু তালাক দিলে স্বামীয়ে মহিলা গৰাকীক দিয়া সামগ্ৰী তথা দেনমোহৰ(বিয়াৰ সময়ত পুৰুষে মহিলাক দেনমোহৰ(টকা) দিয়া প্ৰথা ইচলামত আছে) আদি সকলো মহিলা গৰাকীক দিব লাগিব।(কোৰআন ২:২২৯)
এতিয়া আপুনি সুধিব পাৰে অকল পুৰুষেহে মহিলাক তালাক দিব পাৰে মহিলাই পুৰুষক তালাক দিব নোৱাৰে নিকি? আচলতে তালাক হৈছে বিবাহ বিচ্ছেদ কৰা এটা প্ৰক্ৰিয়াহে আৰু পুৰুষে মহিলাক বিবাহ বিচ্ছেদ কৰা প্ৰথাক তালাক বুলি কোৱা হয়। মহিলাই তালাক দিব নোৱাৰে যদিও বিবাহ বিচছেদ কৰিব পাৰে। ইচলামত ৫ প্ৰকাৰে বিবাহ বিচ্ছেদ কৰিব পাৰি-
১)স্বামী-স্ত্ৰীৰ সৰ্বসন্মতি হিচাপে।
২)তালাক প্ৰথা (ওপৰত উল্লেখ কৰা অনুসৰি)
৩)মহিলাই পুৰুষ দিয়া বিবাহ বিচ্ছেদ(দিভৰ্চ) ইয়াক আৰবীত ইচমাহ বুলি কোৱা হয়। (নিকাহ নামাত উল্লেখ থকাটো জৰুৰী)
৪)কাজিৰ দ্বাৰা কৰা বিবাহ বিচ্ছেদ। উল্লেখযোগ্য যে কোনো মহিলাক স্বামীয়ে যদি স্ত্ৰীৰ অধিকাৰ নিদিয়ে তেন্তে কাজিৰ দ্বাৰা বিবাহ বিচ্ছেদ কৰিব পাৰে।
৫)যদি স্ত্ৰীৰ স্বামীক পছন্দ নহয় তেতিয়া তাই স্বামীক তালাক দিব অনুৰোধ কৰিব পাৰে।ইয়াক কোলহ বুলি কোৱা হয়।
উত্তৰাখণ্ডৰ কাশীপুৰৰ নিবাসী ছায়েৰা বানু নামৰ মহিলাই ইছলামীক ৰীতিমতে ২০০১ চনত বিবাহপাশত আবদ্ধ হয়। কিন্তু দুৰ্ভাগ্যবশত ২০১৫ চনৰ ১০ অক্টোবৰ তাৰিখে তাই স্বামীয়ে তিনিবাৰ তালাক শব্দটো উচ্চাৰন কৰি তাইৰ সৈতে বিবাহ বিচ্ছেদ কৰে। এই কাৰ্য্যত তাই (ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৫ নং অনুচ্ছেদ অনুসৰি) নিজৰ মৌলিক অধিকাৰ উলংঘা হোৱা বুলি ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পৰ্যন্ত গৈ পায়।বিগত দুবছৰে চলি থকা বিষয়টোৰ আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানেৰে অন্তপৰে।আজিৰেপৰা তিনি তালাকৰ নামত কোনো বিবাহিত মুছলমান মহিলাই নিজৰ মৌলিক অধিকাৰ খৰ্ব কৰিবলগীয়া নহ’ব।তিনি তালাকৰ ভয়ত নিজ স্বামীৰ অকথ্য মানসিক ও শাৰিৰীক নিৰ্যাতন সহ্য কৰাৰ উদাহৰণ আমি অসমৰ গাঁও তথা চৰাঞ্চলত ভালদৰে পোৱা যায়।
ছায়েৰা বানুৰ দৰে দেশৰ অলেখ অযুত মহিলাই আজিৰেপৰা তিনি তালাকৰ ভয়ত নিজ স্বামীৰ অকথ্য মানসিক ও শাৰিৰীক নিৰ্যাতন সহ্য কৰি কাৰাৰুদ্ধ জীৱন যাপন কৰিৱলগীয়া নহ’ব।