বৰপেটাত ৰন্ধন গেছৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ অভিযানত উচ্ছেদ চোৰাং ঘাটি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 5 September 2019

বৰপেটাত ৰন্ধন গেছৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ অভিযানত উচ্ছেদ চোৰাং ঘাটি

চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায়ৰ পিছত এইবাৰ পোহৰলৈ আহিছে ৰন্ধন গেছৰ চোৰাং ব্যৱসায়। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বুধবাৰে নিশা অভিযান চলাই উচ্ছেদ কৰে চোৰাং চিলিণ্ডাৰৰ ঘাটি।
চাইদুল ইছলাম নামৰ এজন লোকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ৪০টাকৈ চোৰাং ৰন্ধন গেছ চিলিণ্ডাৰ জব্দ কৰে আৰক্ষীয়ে। ইয়াৰে ১১টা ইণ্ডেন আৰু ২৯টা ভাৰত ৰন্ধন গেছৰ ভৰ্তি চিলিণ্ডাৰ। বুধবাৰে নিশা ছয়গাঁও থানাৰ অন্তৰ্গত পুৰাণ কুছিয়া গাঁৱৰ ইন্নুছ আলীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰে নাৱেৰে আনিছিল চোৰাং চিলিণ্ডাৰকেইটা।নাৱৰ পৰা ৰৌমাৰী পাথাৰ ঘাটত চিলিণ্ডাৰকেইটা নমাই তাৰ পৰা চাইদুলৰ ঘৰলৈ ট্ৰেক্টৰেৰে লৈ গৈছিল চিলিণ্ডাৰকেইটা। চিলিণ্ডাৰকেইটাৰ নাই কোনোধৰণৰ নথি-পত্ৰ। ইন্নুছ আলীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ চোৰাং ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিন। মিৰ্জাৰ ভাৰত গেছৰ কাৰ্যালয় আৰু সোণতলীৰ পৰা চোৰাং গেছ চিলিণ্ডাৰকেইটা অনা বুলি স্বীকাৰ কৰে ইন্নুছ আলীয়ে।
তাৰাবাৰী আৰক্ষীয়ে ৰন্ধন গেছৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ইন্নুছ আলী আৰু চাইদুল ইছলামক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে।

Post Bottom Ad

Pages