ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ মতিউৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 24 September 2019

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল নগাঁৱৰ মতিউৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক। নগাঁৱৰ জুৰীয়াৰ মতিউৰ ৰহমান। জুৰীয়াৰ মতিউৰ ৰহমান নামৰ উদিয়মান যুৱকজনে শেষতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্য বঁটা লাভ কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা দেওবাৰে কলিকতাৰ ঠাকুৰবাৰী প্ৰেক্ষাগ্ৰিহত অনুষ্ঠিত হৈ যোৱা সমতা সাহিত্য একাডেমীৰ বিশেষ বঁটা বিতৰন অনুষ্ঠানত ভাৰতৰ আন আন ৰাজ্যৰ কবি-সাহিত্যিক ৰ লগতে নগাঁৱৰ উদিয়মান কবি মতিউৰ ৰহমানকো তেওঁৰ “সপোনৰ সুৰভি” নামৰ কবিতা সংকলনৰ বাবে “ৰবীন্দ্ৰ নাথ ৰাষ্ট্ৰীয় বঁটা” প্ৰদান কৰে সমতা সাহিত্য একাডেমী” নামৰ প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে সমতা সাহিত্য একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে ১৯৫৪ চনৰ পৰাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদিয়মান কবি – সাহিত্যক সকলক ৰবীন্দ্ৰ নাথ ঠাকুৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি আহিছে। মতিউৰ এনে সফলতাৰ বাবে এতিয়া উৎফুল্লিত জুৰীয়াবাসী।
জুৰীয়াৰ পৰা দিলোৱাৰ হুছেইনৰ ৰিপৰ্ট

Post Bottom Ad

Pages