নগাঁৱত দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 5 September 2019

নগাঁৱত দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা

অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও! বৃহস্পতিবাৰে দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই এগৰাকী বেংক কৰ্মচাৰীৰ পৰা লুটিলে লক্ষাধিক টকা। নগাঁৱৰ মধ্য শিয়ালমাৰীত সংঘটিত হৈছে এই ঘটনা।বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২.৩০বজাত নগাঁও চহৰৰ বন্ধন বেংকৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰী ৰিংকু শইকীয়াক মধ্য শিয়ালমাৰীত বাইকত অহা ডকাইটৰ দলে আগুচি ধৰি লুটি নিলে নগদ ১লাখ ২৩ হাজাৰ টকা।

Post Bottom Ad

Pages