পাতেকীবড়ী সত্ৰত মাহযোৰা নাম-প্ৰসঙ্গৰ সামৰণি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 23 September 2019

পাতেকীবড়ী সত্ৰত মাহযোৰা নাম-প্ৰসঙ্গৰ সামৰণি

মৰিগাঁও জিলাৰ মৈৰাবাৰীত অবস্থিত শ্ৰী শ্ৰী অলিপুখুৰী পাতেকীবড়ী সত্ৰত পবিত্ৰ ভাদ মাহৰ বাবে মাহযোৰা অনুষ্ঠিত কৰা নাম প্ৰসঙ্গ আজি সামৰণি পৰিল । দ্বিতীয় বৈকুণ্ঠ ত পৰিণত হল অলিপুখুৰী পাতেকীবড়ী সত্ৰ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃ সকলে এই নাম প্ৰসংগত ভাগ লয়। হৰিনামৰ অমিয়া সুৰত বোৰ গল শ্ৰী শ্ৰী অলিপুখুৰী পাতেকীবড়ী সত্ৰ। এক উখল মাখল পৰিবেশৰ মাজত সত্ৰৰ লোক সকলে উদযাপন কৰিলে পবিত্ৰ ভাদ মাহৰ বাবে মাহযোৰা অনুষ্ঠিত কৰা নাম প্ৰসঙ্গৰ সামৰণি অনুষ্ঠান ।এই অনুষ্ঠানৰ বাবে শ্ৰী শ্ৰী পাতেকীবডী আলি পুখুৰীৰ সত্ৰত দেখিবলৈ পোৱা গল এক মনোমোহা পৰিবেশ। লক্ষণীয় যে অতিকৈ পুৰণি সত্ৰ ৰূপে চিহ্নিত হৈ আহিছে এই খন শ্ৰী শ্ৰী পাতেকীবডী অলিপুখুৰী সত্ৰ। উল্লেখ্য যে এই সত্ৰ খনত গুৰুজনাই ব্যৱহাৰ কৰা বহু আপুৰুগীয়া সম্পদ সমূহ আজিও সংৰক্ষণ কৰি ৰখা হৈছে। আজি শ্ৰী শ্ৰী অলিপুখুৰী পাতেকীবডী সত্ৰত অসমৰ ভিন্ন প্ৰান্তৰৰ পৰা উপস্থিত হোৱা আই মাতৃ সকলৰ সোনোৱাল চৰকাৰক এটাই অনুৰোধ চৰকাৰে এই সত্ৰ খনক পৰ্যটন স্থলী হিচাবে ঘোষনা কৰি অসমৰ ৰাইজক এই সত্ৰ খন অহাৰ সুবিধা কৰি দিব লাগে।
মৈৰাবাৰী ৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট

Post Bottom Ad

Pages