পাঁচটকীয়া সপোন... - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 6 September 2019

পাঁচটকীয়া সপোন...


  • # ছৈয়দ বুলবুল জামানুৰ হক
    সৰুৰে পৰা এলেহুৱা স্বভাৱৰ৷ ঘৰুৱা অৱস্থাও সিমান উন্নত নহয়৷ পিতৃৰ উপাৰ্জনেৰে পৰিয়ালটো চলা জটিল৷ পুত্ৰৰ বয়সো হৈ আহিছে৷ গতিকে কাম কৰিবই পাৰে৷ তাকে নকৰি দিনটো ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰে৷ ফলত এদিন যেনে তেনে দুপইচা উপাৰ্জন কৰিবলৈ পিতৃয়ে হুকুম জাৰী কৰিলে৷ পিতৃৰ আদেশ, মানিবই লাগিব৷ 
    অনিচ্ছা সত্বেও মনটো অতি দুখে-ভাগৰে কাম বিচাৰি কাষতে থকা বাছ আস্থানৰ জিৰণী চ’ৰাত বহি বহি কুল-পাৰ নথকা কথাবোৰ ভাবিবলৈ ল’লে৷ তেনেতে এগৰাকী বৃদ্ধ গাড়ীৰ নামিল৷ হাতত আছিল ‘দৈ’ৰ পাত্ৰ৷ পাত্ৰটো গধুৰ৷ বৃদ্ধগৰাকীয়ে ক’লে— বোপাই, মই সেই আমুকৰ ঘৰলৈ যাম৷ যদি তুমি মোৰ এই পাত্ৰটো কঢ়িয়াই দিয়া, তোমাক মই পাঁচ টকা এটা দিম৷ বৃদ্ধগৰাকীৰ কথা শুনি মুখত পানী আহিল৷ অৱশেষত যেনিবা কাম পালে৷ পাঁচ টকা এটা পাব৷ মনত অলপ স্বস্তিৰ হাঁহিৰে দৈৰ পাত্ৰটো মূৰত লৈ আগে-আগে আগবাঢ়িবলৈ ধৰিলে৷ ৰাস্তাত কাৰো সৈতে কথা-বতৰা হোৱা নাছিল৷ কাৰণ বয়সৰ ক্ষেত্ৰত বিপৰীত মেৰুত দুয়ো৷ বন্ধু বা সমনীয়া হলে বেলেগ কথা আছিল৷ গাঁৱলীয়া পৰিৱেশ৷ গাড়ী-ঘোঁৰাৰ শব্দও নাই৷ তেনে নিশ্চুপ পৰিৱেশৰ মাজতে দৈৰ পাত্ৰ মূৰত লৈ কঢ়িয়াই থকাৰ মাজতে দেখিবলৈ ল’লে পাঁচটকীয়া সপোন৷ 
    আহকচোন চাও সপোনত কি চালে— 
    মানুহজনে মোক পাঁচ টকা দিব৷ এই পাঁচ টকাৰে কণী এটাকে কিনিম৷ কণীটো নি পেহীয়েকৰ কুকুৰাৰ সৈতে ওমলৈ দিম৷ এটা কুকুৰাৰ পোৱালী হ’ব, ডাঙৰ হ’ব৷ তাই আকৌ পোৱালী জন্ম দিব৷ বহুত কেইটা কুকুৰা হ’ব৷ কুকুৰা কেইটা বিক্ৰী কৰি ছাগলী কিনিম৷ ছাগলীজনীয়েও পোৱালী জন্ম দিব, বহুত ছাগলী হ’ব৷ ছাগলীবোৰ বিক্ৰী কৰি পুনৰ গৰু কিনিম৷ সেই এক গৰুৰ পৰা বহুত গৰু হ’ব৷ গৰুবোৰ বিক্ৰী কৰি মাটি কিনিম৷ মাটি কিনি খেতি কৰিম৷ এনেদৰে বহুত মাটি কিনিম৷ মাটিবোৰ আকৌ বিক্ৰী কৰি ডাঙৰ এটা পাঁচ মহলীয়া অট্টালিকা দিম৷ তাৰ পিছত বিয়া কৰিম আৰু সেই ওপৰৰ মহলাটোত মই ৰজাৰ দৰে চকীত কেৱল আদেশ কৰিম৷ তেতিয়া মোৰ স্ত্ৰীয়ে আহি মোক ভাত খাবলৈ মাতি, মই তেতিয়া আঙুলি জোকাৰি হিন্দীতে দমতে কৈ দিম- ম্যে ভাত ন্যেহী খাওঁগা….. 
    ম্যে ভাত ন্যেহী খাওঁগা….  বাক্যশাৰী ইমান দমতেই কৈছিল যে, মূৰৰ পৰা লগে লগে দৈৰ পাত্ৰটো ধুনীয়াকৈ মাটিত পৰি ভাঙি চুচুৰ্ম হৈ গ’ল৷ এতিয়া উপায়… (বন্ধু-বান্ধৱীসকল সপোন আমি সকলোৱে দেখো৷ সপোন দেখাৰ অধিকাৰো আছে৷ কিন্তু সপোনবোৰ যদি সীমা চেৰাই যায় বা নিজৰ যোগ্যতা (অ’কাদ)ৰ বাহিৰত হয়, তেন্তে তাত দুৰ্ঘটনা বা তেনে কোনো অনাকাঙ্খিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত৷ ৰাতি টোপনিৰ পিছত আমি বহুত সপোনেই দেখো৷ কেতিয়াবা সপোনত নিজকে কোন ৰূপতেই বা নেদেখো৷ কিন্তু ঘৰৰ ফুটা চালিটোৰে যেতিয়া বৰষুণৰ টোপাল মুখত পৰি সপোনটো ভাঙি যায় আৰু তেতিয়া চকুমেল খোৱাৰ পিছত ঘৰৰ ভিতৰতো থাকি সেই চালিৰ ফুটাটোৰে বিশাল আকাশক প্ৰত্যক্ষ কৰো তেতিয়া বাৰু কেনে অনুভৱ হয়৷ একেই ধৰণৰ সপোন আমি দিনতো অৰ্থাৎ টোপনিত নোযোৱাকৈয়ে দেখো, বিশেষকৈ যেতিয়া আমাৰ মন মগজু অস্থিৰ পৰিৱেশে বিৰাজ কৰে বা দুঃখ-বিষাদে মনটো ভৰি পৰে৷ আচলতে সেয়া আৱেগৰ বাহিৰে একো নহয়৷ সেইবুলি আব্ৰাহাম লিংকন, ভাৰতৰত্ন ডঃ কালাম, তেখেতসকলেওতো সপোন দেখিছিল৷ হয় সপোন চোৱাৰ আগত তেখেতসকলে নিজৰ যোগ্যতা অৰ্জন কৰি লৈছিল আৰু সেই যোগ্যতাৰ ভিত্তিতেই সপোন দেখিছিল কিন্তু টোপনিত নহয় কৰ্মব্যস্ততা, সততাআৰু মানৱতাৰ মাধ্যমেৰে৷) 
    যোগ্যতা নাথাকে, যোগ্যতা আগতে অৰ্জন কৰিব লাগে তাৰ পিছতহে সপোন… 
    Every successful person has a painful story 
    Every painful story has a successful ending, 
    So, 
    accept the pain & get ready for the success
  • Post Bottom Ad

    Pages