ধিঙত বিজেপিৰ সংকল্প যাত্ৰা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 21 October 2019

ধিঙত বিজেপিৰ সংকল্প যাত্ৰা

ধিঙত বিজেপিৰ সংকল্প যাত্ৰাত অংশগ্ৰহন সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়িকা আঙুৰলতা ডেকাৰ ।
জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিজেপি দলে পালন কৰা সংকল্প যাত্ৰা আজি ধিঙতো উদযাপন কৰা হয় ৷ য’ত অংশগ্ৰহন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই ৷ ধিং চাৰিআলিৰ গান্ধীমুৰ্তিত শ্ৰদ্ধাঞ্জলী জনাই প্ৰায় পাঁচ কিলোমিটাৰ পথৰ পদযাত্ৰাত অংশগ্ৰহন কৰে বিধায়িকা আঙুৰলতাৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷ পদযাত্ৰাৰ মাজতে সাংসদ গৰাকীয়ে ধিং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰবেশ কৰি স্বচ্চ ভাৰতৰ পত্ৰিকায়ো বিতৰণ কৰে ৷ পাঁচ কিলোমিটাৰ পদযাত্ৰাৰ অন্ত পৰে ধিং সাৰ্বজনীন পূজাবাৰী প্ৰাঙ্গনত ৷
▪ধিঙৰ পৰা শিবান জ্যোতি কাকতিৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages