বটদ্ৰৱাত উপস্থিত খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ চাইকেল শোভাযাত্ৰীকাৰী দল - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

বটদ্ৰৱাত উপস্থিত খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ চাইকেল শোভাযাত্ৰীকাৰী দল

সমন্বয়-সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই বটদ্ৰৱাত উপস্থিত খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ চাইকেল শোভাযাত্ৰীকাৰী দল। অসমীয়া জাতিৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে তথা সমন্বয় আৰু সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ মহান উদ্দেশ্য আগত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাই আৰম্ভ কৰা চাইকেল শোভাযাত্ৰাৰ দুজনীয়া এটা দল যোৱাকালি সন্ধিয়া আহি বটদ্ৰৱাত উপস্থিত হয়হি ।শোভাযাত্ৰাৰ দলটি বটদ্ৰৱাত উপস্থিত হোৱাৰ পিছতে নিশাটো বটদ্ৰৱা থানত কটায়। আজি পুৱাৰ ভাগত বটদ্ৰৱাৰ সাংবাদিক সকলৰ লগতে সচেতন কেইবাটাও জাতীয় সংগঠনে দলটিৰ দুয়োগৰাকী জাতীয় সচেতনকাৰীক আদৰণি জনায় । ইয়াৰ পিছতে ৰাজ্যিক শিল্পী পেঞ্চনপ্ৰাপ্ত গজেন ৰাজখোৱাৰ উপস্থিতিত বটদ্ৰৱা থনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি খিলঞ্জীয়া জনগোষ্ঠীয় গণচেতনা মহাসভাৰ মূখ্য আহ্বায়ক অনুপ বৰুৱাই অসমত বসবাস কৰা প্ৰত্যেকজন লোকেই অসমীয়া ভাষা শিকিব লাগিব বুলি কৈ অসম সাহিত্য সভাই এইক্ষেত্ৰত অসমৰ সকলো খিলঞ্জীয়া লোককসামৰি সাহিত্য সভাৰ জাতীয় কাৰ্যক্ৰমনিকা আৰম্ভ কৰিব লাগে বুলি মন্তব্য কৰে । গণচেতনা মহাসভাই ২০১৩ চনৰ পৰাই অসমীয়া জাতি সুৰক্ষাৰ বাবে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা ৰক্ষাৰ্থে কাম কৰি আহিছে বুলি কৈ অনুপ বৰুৱাই ভাৰতৰ সকলো সৰু-বৰ জাতিক একত্ৰিত কৰি এটা জাতীয় পৰিষদ গঠণ কৰাৰ ওপৰতো গুৰূত্ব দিয়ে ।মূখ্য আহ্বায়ক বৰুৱাই লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক নাগৰিকপঞ্জী হ'ব লাগিব বুলি কৈ দেশৰ সংসদীয় ব্যৱস্থাৰ পৰিবৰ্তন ঘটাই সংবিধান সংশোধন কৰি সমগ্ৰ ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে । আজিৰ অনুষ্ঠানত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা চাইকেল শোভাযাত্ৰাকাৰী অমৰজ্যোতি বৰুৱা উপস্থিত থকাৰ লগতে বটদ্ৰৱা প্ৰেছ ক্লাবৰ সভাপতি পদুম কলিতা, সহকাৰী সম্পাদক কন্দৰ্প কুমাৰ কলিতা , বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰশান্ত ভৰালী, বটদ্ৰৱা থানৰ সেৱক সকলকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ।
বটদ্ৰৱাৰ পৰা নিপন নাথ ৰিপৰ্টঃ অসম লাইভ 

Post Bottom Ad

Pages