লংকাত পুৱতি নিশা অগ্নিকাণ্ড - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 12 October 2019

লংকাত পুৱতি নিশা অগ্নিকাণ্ড

নগাওঁ জিলাৰ লংকাত শণিবাৰে পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। এটি বাল্ব চুৰিক কেন্দ্ৰ কৰি জ্বলিল গাড়ী-ঘৰ। লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এখন i20 গাড়ী জ্বলি যোৱাৰ লগতে এটি ঘৰো জ্বলি ভস্মীভূত হয়। জ্বলি ভস্মীভূত হোৱা গাড়ীখনৰ গৰাকীজন হল হৰকুমাৰ দাস আৰু লগতে তেওৰ কাষৰীয়া শংকৰ পালৰ ঘৰটোত জুই লাগে। পাছত স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰে যদিও হৰকুমাৰ দাসে নিজে পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে,শুক্ৰবাৰে এটি বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিচিল হৰকুমাৰ দাস।দোকানৰ চিচি টিভি ফুটেজত তেও চুৰিকাণ্ড কৰা ধৰাও পৰিচিল। সেয়ে লোকচক্ষুৰ পৰা হাত সাৰিবলৈ হৰকুমাৰ দাসে ৰাইজক জগৰীয়া কৰিবলৈ এনে নিকৃষ্ট পন্থা অৱলম্বনৰ অভিযোগ উঠিচে। ইপিনে,আৰক্ষীৰ পৰা হাত সাৰিবলৈ শুক্ৰবাৰৰ পৰা আত্মগোপন কৰি আছিল হৰকুমাৰ দাস।
লংকাৰ পৰা ভূপেন্দৰ সিং বাবুৰ ৰিপোৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages