খাৰুপেটীয়াত আমছু কৰ্মীক হত্যাৰ অপচেষ্টা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 13 October 2019

খাৰুপেটীয়াত আমছু কৰ্মীক হত্যাৰ অপচেষ্টা


  • খাৰুপেটীয়াত আমছু কৰ্মীক দাৰে আক্ৰমণ।
  • হত্যা কৰাৰ অপচেষ্টা
  • সংকট জনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ।
দৰং জিলাৰ ওজাগাওঁ আঞ্চলিক আমছুৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাক যোৱা ৰাতি হত্যা কৰিবলৈ চেষ্টা কৰে এদল দুৰ্বৃত্তৰ দলে। জানিব পৰা মতে ধূলা থানাৰ অন্তৰ্গত বলোগঢ়া গাঁৱৰ তুফাজ্জল হকে পৰিয়ালৰ সহযোগত যৌতুকৰ কাৰণে নিজৰ ঘৈণীয়েকক বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছিল। সেই কাজিয়া মিমাংশা কৰি দিয়াই কাল হল জাহিদুলৰ । কাজিয়া মিমাংশা কৰি ৰাস্তাৰে গৈ থকা অৱস্থাত তুফাজ্জলৰ পৰিয়ালে দা লাঠিৰে আক্ৰমণ কৰি হত্যা কৰিবলৈ চেষ্টা কৰে। ঘৈণীয়েকৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ উপস্থিত হয় যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে।আঘাতপ্ৰাপ্ত জাহিদুলক ততাতয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এম ছিলৈ প্ৰেৰণ কৰে।আনহাতে তুফাজ্জলৰ ঘৰৰ আচবাব সমুহ ভাঙি চুৰমাৰ কৰে উত্তেজিত জনতাই।খাৰুপেটীয়াৰ পৰা নুৰ আবু জাহেৰ ছিদ্দিকৰ ৰিপোৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages