পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ উদোগত স্বাস্থ্য সজাগতা ৰেলী - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 14 October 2019

পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ উদোগত স্বাস্থ্য সজাগতা ৰেলী

সোমবাৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ অন্তৰ্গত এফ. এ. আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ (PFI) পশ্চিম কামৰূপ জিলা সমিতিৰ উদোগত এদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সজাগতা ৰেলী আৰু বিভিন্ন ধৰণৰ খেল ধেমালি ও বটা বিতৰনি মুকলি সভা অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা ৬:৩০ বজাত নগৰবেৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এফ. এ. আহমেদ উচ্চ মাধ্যমিক বিদ্যালয় মাৰাথান দৌৰ প্ৰতিযোগিতা, ৰাতিপুৱা ৮ বজাত যোগ ব্যায়াম, ১০ বজাত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালী, আবেলি ২ বজাত মাৰ্শ্বেল আৰ্ট প্ৰদৰ্শন,২:৩০ মিনিটৰ পৰা মুকলি ও বটা বিতৰণী সভা আৰম্ভ হয়। উক্ত অনুষ্ঠানত PFI ৰ ৰাজ্যিক সদস্য ৰবিউল হুচেইন, নগৰবেৰা বি. পি. চি. কলেজৰ প্ৰাক্তন অধ্যাপক আবুল বাসাৰ, বৰপেটাৰ আলোপতি মাজৰ চৰ স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ খাইৰুল ইছলাম আৰু কেম্পাচ ফ্ৰন্ট অফ ইণ্ডিয়াৰ (অসম)ৰ সভাপতি-সম্পাদনক লগতে আৰু গন্য মান্য ব্যক্তিসকল সভাত উপস্থিত আছিল।
নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট :অসম লাইভ

Post Bottom Ad

Pages