বঙাইগাঁৱত পিঁয়াজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 25 October 2019

বঙাইগাঁৱত পিঁয়াজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিচ্ছবিত পিন্ধালে পিঁয়াজৰ মালা

পিঁয়াজৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীৰৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাই প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিয়ে পিঁয়াজৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰত পুৱা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ জিলা সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে অসম তথা ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ চৰকাৰ পতন হোৱাৰ মূলতে আছিল সেই সময়ত তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাছিল ৷ কংগ্ৰেছ চৰকাৰৰ দিনত ঘটা মূল্য বৃদ্ধিৰ সময়ত অসম তথা ভাৰতবৰ্ষৰ বিজেপি নেতা প্ৰশান্ত ভূষণ,বিজয়া চক্ৰৱৰ্তী,স্মৃতি ইৰাণী আদিকে কৰি যিমানবিলাক বিজেপিৰ নেতা- কৰ্মী আছিল তেওঁলোকে পিঁয়াজৰ মালা পিন্ধি ৰাজ পথত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনক বিষয় যে বৰ্তমান আমাৰ পিঁয়াজকে ধৰি যিমানবিলাক নিত্য ব্যৱহাৰযোগ্য খাদ্য সামগ্ৰী আছে সেই খাদ্য সামগ্ৰীসমূহৰ কিন্তু বিজেপি চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই ৷ আজিৰ দিনত প্ৰতি কিলো পিঁয়াজ প্ৰায় ৬০ টকা মূল্যত কিনিবলগীয়া হৈছে ৷ সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে ৷ কিন্তু যিখন বিজেপি চৰকাৰে আমাক মূল্য বৃদ্ধি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেই চৰকাৰখনে কিন্তু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷ মূল্য বৃদ্ধিকে ধৰি আন যিবিলাক আমাৰ সমস্যা আছে সেই সমস্যাসমূহৰ পৰা আমাৰ মন বিলাক আনফালে নিয়াৰ বাবে তেওঁলোকে হিন্দু- মুছলমান, ভাৰত- পাকিস্থান আদি খেলবিলাক খেলি আছে ৷ মূল কথা হ’ল আমি জনসাধাৰণে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাতো বিচাৰো আৰু খাদ্য সামগ্ৰীসমূহৰ মূল্য নিয়ন্ত্ৰিত হৈ থকাতো বিচাৰো ৷ যাৰ কাৰণে আজি স্থানীয় বিধায়ক তথা ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাবলৈ বাধ্য হৈছো ৷ যোগানমন্ত্ৰীগৰাকী মূল্য বৃদ্ধি ৰোধ কৰাত একেবাৰে ব্যৰ্থ হৈছে ৷ মূল্য বৃদ্ধি হোৱাৰ পিচতো তেওঁ নিশ্চুপ হৈ আছে ৷ সেয়ে আমি অসম চৰকাৰক ধিক্কাৰ দিছো ৷ লগতে আমি সকলো খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰক দাবী জনাই জনাইছো ৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়কে ধৰি সদস্যসকল উপস্থিত আছিল ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰত প্ৰতি কিলো পিঁয়াজ ৫৫ টকাৰ বিপৰীতে গ্ৰামাঞ্চলৰ দোকানত ৬০ টকাকৈ ৰাইজে কিনি খাবলগীয়া হৈছে ৷ ফলত নিজ গৃহ সমষ্টিতে যোগামন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিচ্ছবিত পিঁয়াজৰ মালা পিন্ধাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Post Bottom Ad

Pages