কলহী নদীৰ বুকুত নাও খেল প্ৰতিযোগিতা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 20 October 2019

কলহী নদীৰ বুকুত নাও খেল প্ৰতিযোগিতা

নগৰবেৰা 20 অক্টোবৰ : কামৰূপ জিলাৰ বকো সমষ্টিৰ জাওকাটাদিয়া আঞ্চলিক বজাৰৰ সৌজন্যত কলহী নদীৰ বুকুত দুদিনীয়া কাৰ্যসূচীৰে নাও খেল প্ৰতিযোগিতা ! খেল খনৰ অন্তিম দিনা পুৰস্কাৰ বিতৰণ কৰা হয় প্ৰথম পুৰস্কাৰ লাভ কৰে জাওকাটা দিয়াৰ ৰাজমাতা নামৰ নাও খনে দ্বিতীয় পুৰস্কাৰ লাভ কৰে কামৰূপ জিলাৰ বকো সমষ্টিৰ জামলাই গাওৰ কামৰূপ এক্সপ্ৰেছ নাও খনে ,তৃতীয় পুৰস্কাৰ লাভ কৰে জাওকাটাৰ মা বাবাৰ আৰ্শীবাদ নামৰ নাও খনে চতুৰ্থ পুৰস্কাৰ লাভ কৰে ডেকাচাংৰ জয় জননি নামৰ নাও খনে ! খেল খনত পুৰস্কাৰ সমূহ হৈছে প্ৰথম পুৰস্কাৰ হিৰো গ্লামাৰ বাইক এখন ,২য় টি ভি এচ বাইক এখন, ৩য় গোড্ৰেছ এখন, ৪ৰ্থ পুৰস্কাৰ আছিল চোকেছ এখন !খেলখনত সভাপতিত্ব কৰে দিলবৰ হুচেইনে আৰু অতিথি হিচাপে অংশগ্ৰহণ কৰে ৪ নং সোনতলী টুপামাৰী জিলা পৰিষদৰ সদস্য স্বাজাহান আলী আৰু ৩ নং নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক, ৫২ নং কিছমত কাঠমী গাঁও পঞ্চায়তৰ সভাপতি গিয়াছ উদ্দিন আহমেদ লগতে গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি খেল খন সুকলমে সমাপ্ত কৰে !  


নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট :অসম লাইভ

Post Bottom Ad

Pages