লামডিঙত ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা, কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 21 October 2019

লামডিঙত ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা, কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

লামডিঙৰ ছাৰ্কেবস্তি নতুন বজাৰৰ পৰা নখুটি সংযোগী পকী-পথটো বৰ্তমান জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেক্ষিত হৈছে। কিন্তু ইয়াক লৈ কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। গুৰুত্বপূৰ্ণ যে ৰাজপথটোত সৃষ্টি হৈছে পুখুৰী সদৃক ডাঙৰ ডাঙৰ গাত । এইটো পথটোৰে দৈনিক শ শ যান বাহন চলাচল কৰে । ইয়াৰ লগতে এই পথটোৰে হেজাৰ হেজাৰ মানুহৰ লগতে শ শ স্কুল, কলেজীয়া ছাত্র ছাত্ৰী ও বহু কষ্টেৰে অহা যোৱা কৰিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত লামডিং সমষ্টিৰ বিধায়ক জনে দেখিও নিমাত হৈ আছে। যিসময়ত গড়াকাপ্তানী বিভাগৰ মন্ত্ৰীয়ে ৰাজ্যৰ পথসমূহৰ উন্নয়নৰ হোৱা বুলি মন্তব্য কৰিছে তেনে ক্ষেত্ৰত ৰাস্তাৰ এনে শোচনীয় অৱস্থা খুবেই দুখ জনক। স্থানীয় ৰাইজৰ দাবী অতি সোনকালে চৰকাৰ তথা প্ৰশাসনে যদি এই ৰাস্তাটো পুণৰ নিৰ্মাণ কৰে তেন্তে এই ক্ষেত্ৰত ৰাইজে সকাহ পাব। এই ক্ষেত্ৰত পৰিবৰ্তনকামী চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হব।
ছইদুৰ ৰহমানৰ সহযোগত ইনজামামউল হকৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages