টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 12 October 2019

টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ

পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত বিজেপি চৰকাৰ গঠন হ’ল যদিও আজিও ৰাজ্যৰ ৰাস্তা, ঘাট, দলং, মাথাউৰী আদিৰ একোকে পৰিবৰ্তন নহ’ল। মাথোঁ এখন দলঙৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ অভয়াপুৰীৰ অন্তৰ্গত ছটো বৰজানাৰ ৰাইজ। প্ৰায় স্বাধীনতাৰ পিছৰে পৰা কুঁজীয়া নৈৰ ওপৰত আজি পৰ্যন্ত এখন দলং নিৰ্মাণ নোহোৱাত টুলুঙা নাৱেৰে বিপদসংকুল ভাবে পাৰাপাৰ হৈ আছে ছটো বৰজানা অঞ্চলৰ প্ৰায় হাজাৰ হাজাৰ লোককে ধৰি কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী। বিভিন্ন সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো আজি পৰ্য্যন্ত গা নলৰিল কোনো বিধায়ক, মন্ত্ৰী কিম্বা বিভাগীয় কৃতপক্ষৰ। সমষ্টিটোৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ অভয়াপুৰীৰ ছটো বৰজানাৰ ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে বাৰম্বাৰ বাঁহৰ দলং নিৰ্মান কৰি আহিছে যদিও প্ৰতিবাৰেই কুঁজীয়া নৈৰ সোঁতে উটুৱাই লৈ যায় আৰু যাৰ বাবেই যমৰ যাতনা ভোগ কৰি আহিব লগীয়া হৈছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজসকল। অঞ্চলটোৰ ৰাইজে ইমানেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে যে ৰোগী তথা প্ৰসূতি সকলক চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স অহাটো দূৰৰে কথা, এখন চাইকেল বা ঠেলাৰেও পাৰ কৰাব নোৱাৰি এই অঞ্চলত। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক অনন্ত কুমাৰ মালোক এখন দলং নিৰ্মান কৰিবৰ বাবে বাৰম্বাৰ আবেদন কৰি আহিছে যদিও আজি পৰ্য্যন্ত কোনো সুফল পোৱা নাই অঞ্চলটোৰ ৰাইজে। নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতা সকলে আহি দলং বনাই দিয়াৰ নামত হাজাৰটা প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছত সকলো পাহৰি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকে বুলি মন্তব্য কৰে এই অঞ্চলটোৰ ৰাইজে। চৰকাৰ পৰিৱৰ্তন হলেও সাধাৰণ জনতাৰ এনেকুৱা জ্বলন্ত সমস্যাৰ আজিলৈকে একো পৰিবৰ্তন আনিব পৰা নাই বুলিও মন্তব্য কৰে ভুক্তভোগী ৰাইজে। অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো দেৱৰ বাসগৃহৰ পৰা প্ৰায় ১২ কি.মি. দূৰত এনেদৰে এখন সাধাৰণ টুলুঙা নাওৰে বিপদসংকুল যাত্ৰাৰে পাৰ হৈ আছে কণ কণ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজসকল। অনতিপলমে ছটো বৰজানাত এখন পকী দলং নিৰ্মান কৰি হাজাৰজন লোকৰ যাতায়তৰ সুবিধা কৰি দিবলৈ অসম চৰকাৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা স্থানীয় বিধায়ক অনন্ত কুমাৰ মালোক দাবী জনাইছে ছটো বৰজানা অঞ্চলৰ ৰাইজে। উল্লেখ্যযোগ্য যে, আজি বঙাইগাঁও জিলা ছাত্ৰ মুক্তিৰ এটি সজাতি দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু অসম চৰকাৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অতি সোনকালে যদি এই দলংৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়া হ’লে স্থানীয় ৰাইজৰ সহযোগত বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ল’ব বুলি হুংকাৰ প্ৰদান কৰে।
অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ ৰিপোৰ্ট

Post Bottom Ad

Pages