জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন, ব্যাপক তৎপৰতা বৃদ্ধি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 25 October 2019

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন, ব্যাপক তৎপৰতা বৃদ্ধি

জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোৰ কংগ্ৰেছ, এ আই ইউ ডি এফৰ সমান্তৰালকৈ বিজেপি দলে ব্যাপক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ।প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আজি সন্ধিয়া কলগাছিয়া নৱদয় পুথিভঁৰালত জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ নেতৃত্বৰে যুটীয়া বাবে এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছেইন খান, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, উদ্যোগ নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলা বিজেপিৰ সভাপতি সংকৰ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক অৰবিন্দ বৰ্মণ, মেধা নেচুকা জিলা পৰিষদৰ সদস্যা নমিতা পাটগিৰি, দলীয় প্ৰাৰ্থীত্বৰ দাবীদাৰ মজিবৰ ৰহমান খান, অধিবক্তা শ্বহিদুল ইছলাম, আব্দুল ছামাদ, নুৰুল আমিন, বাদল চন্দ্ৰ আৰ্য্য, ছৈয়দ শ্বহিদুৰ ৰহমান প্ৰমুখ্যে ভালেসংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে ।অহা ২৮ চেপ্তেম্বৰৰ ভিতৰত জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ চুড়ান্ত তালিকা ঘোষনা কৰাৰ সম্ভাৱনা আছে বুলি বিজেপি দলৰ নেতৃবৃন্দই এই প্ৰতিবেদকক জানিবলৈ দিছে । ইফালে জনীয়াত ৰেকৰ্ড ভংগ কৰি বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচিত হব বুলি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইনে মন্তব্য প্ৰকাশ কৰি কয় যে জনীয়াত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল বিজেপিৰ উত্থান দেখি শংকিত হৈ আবুল তাবুল বকি আছে। কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতা এতিয়া গোপন নাই। সংখ্যালঘুৰ কংগ্ৰেছৰ ৫ জনকৈ বিধায়কে দুই দলৰ গোপন মিত্ৰতা ফাদিল কৰি দিছে।

Post Bottom Ad

Pages