অভয়াপুৰীত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 14 October 2019

অভয়াপুৰীত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ছয় বছৰীয়া অসম আন্দোলনৰ পৰিণতিত অসম তথা বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ‍্যৰে অৰ্থাৎ ঐক্য শান্তি আৰু প্ৰগতিৰ বাণীৰে ১৯৮৫ চনৰ ১৪ অক্টোবৰত গোলাঘাট চহৰত গঠন কৰা আঞ্চলিক ৰাজনৈতিৰ দল অসম গণ পৰিষদৰ ৩৫ তম্ প্ৰতিষ্ঠা দিৱসটি কেন্দ্ৰীয়ভাৱে পালন কৰা হয় বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গান্ধী ময়দানত । ১৯৮৫ চনৰ আজিৰ এই দিনটোতে সদৌ অসম ছাত্ৰ সন্থা, অসম গণ সংগ্ৰাম পৰিষদ আৰু অসমৰ সংগ্ৰামী জনতাৰ প্ৰচেষ্টাত গঠিত হৈছিল ৰাজ্যৰ অন্যতম শক্তিশালী আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম গণ পৰিষদৰ। আজি দলটোৰ ৩৫ তম্ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হয় অভয়াপুৰীৰ গান্ধী ময়দানত।
৩৫ তম্ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ দলৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি অতুল বৰাই, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে শ্বহীদ খৰ্গেশ্বৰ ৰায়ৰ ভাতৃ বিমল ৰায়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত।উল্লেখ্য যে আজিৰ এই অসম গণ পৰিষদ দলৰ ৩৫ তম্ প্ৰতিষ্ঠা দিৱসত জয় নাথ শৰ্মা দেৱে কংগ্ৰেছৰ পৰা অগপ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আজিৰ এই ৩৫ তম্ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় সভাপতি অতুল বৰা, অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি ও অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাভাহাচং শ্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকে ধৰি বহু জ্যেষ্ঠ অগপ কৰ্মীৰ লগতে উপস্থিত থাকে দলটোৰ বিভিন্ন কেন্দ্ৰীয়, জিলা আৰু সমষ্টিৰ পৰা অহা বিষয়ববীয়া, অনুৰাগী, বহু হাজাৰ কৰ্মীৰ লগতে অগণন ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায় ।
অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ ৰিপোৰ্ট। Assam Live.

Post Bottom Ad

Pages