আমছুৰ প্ৰাক্তন উপ-সভাপতি মনোৱাৰ হুছাইনৰ অসম গন পৰিষদ দলত যোগদান - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 25 October 2019

আমছুৰ প্ৰাক্তন উপ-সভাপতি মনোৱাৰ হুছাইনৰ অসম গন পৰিষদ দলত যোগদান

আমছুৰ প্ৰাক্তন উপ-সভাপতি মনোৱাৰ হুছাইন কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিক ভাৱে আজি অসম গন পৰিষদ দলত যোগদান। অসম গন পৰিষদ দলৰ  বিলাসীপাৰা পশ্চিম সমষ্টি বিধান সভাৰ কমিটিৰ সভাপতি ওমৰ উদ্দিন মাষ্টৰৰ সভাপতিত্বত মাহামায়া বিবাহ ভৱনত আজি এখন দলীয় সভা অনুষ্ঠিত হয়।উক্ত দলীয় সভাত অসম গন পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক ভূপেন ৰায়, কেন্দ্ৰীয় উপ- সভাপতি আব্দুৰ ৰশিদ মোল্লা , জিলা কমিটিৰ সভাপতি কাপৰূপ জামানৰ উপস্থিতিত আমছুৰ প্ৰাক্তন কেন্দ্ৰীয়  উপ -সভাপতি মনোৱাৰ হুছাইন  দলীয় সভাত  আনুষ্ঠানিক ভাৱে  অসম গণ পৰিষদ দলত যোগানদান কৰে। উল্লেখ্য যে  যোগদান কৰা  সভা খনত প্ৰায় পাঁচ শতাধিক ৰাইজ আৰু দলীয় কৰ্ম- বৃন্দ উপস্থিত থাকে।
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন

Post Bottom Ad

Pages