ৰূপহীহাটত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আচনি ধোঁৱা চাঙত - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

ৰূপহীহাটত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আচনি ধোঁৱা চাঙত


  • প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা আচনি ধোঁৱা চাঙত।
  • পথৰ বিধস্ত ৰূপ
  • নিম্নমানৰ কামেৰে ধন সৰকোৱাৰ ফন্দি।
অসমৰ গ্ৰামাঞ্চলৰ বাট পথৰ অৱস্থাৰ উন্নতি তৰান্বিত কৰা হৈছে বুলি সততে দম্ভালি মাৰি অহা বিজেপি চৰকাৰ খনৰ কাৰ্যকালতে অতি শোচনীয় ৰূপ লৈছে গ্ৰামাঞ্চলৰ প্ৰায়বোৰ বাটপথ।তৎস্বত্বেও নাও ডুবিলেও টিংৰ পৰা নামিব খোজা নাই চৰকাৰ তথা বিয়াগোম গড়কাপ্তানি বিভাগটোৱে।দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত জ্বলাকলা খাই অহা ৰাইজক কণাহাহঁক পতান দিয়াৰ দৰে ঠায়ে ঠায়ে পথ নিৰ্মানৰ ব্যৱস্থা কৰা হৈছে যদিও ইয়াতো চলি আহিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি।শেহতীয়াকৈ ৰূপহীহাটৰ নিজ ছাইদৰৰ পৰা পূৱ ছাইদৰলৈ যোৱা পথছোৱা নিৰ্মানৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আচনিৰ অধীনত ৫’৪৩কি,মি,পথ নিৰ্মানৰ বাবে ২কোটি ৬৫লাখ৮৭হাজাৰ ৯৬৩টকা আৱণ্টন দি ফজৰ আলি নামৰ ঠিকাদাৰ জনক কামৰ আৱণ্টন দিয়ে যদিও আব্দুল মন্নান নামৰ এগৰাকী উপ ঠিকাদাৰক কাম সম্পন্ন কৰাৰ দায়িত্ব দিয়েই দায় সাৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ঘনিষ্ঠ ঠিকাদাৰ জনে।ইফালে অতি নিম্নমানৰ বিল শিল ব্যৱহাৰ কৰি ৰূপায়ন কৰি থকা কামৰ নমুনা দেখি ৰাইজৰ চকু কপালত উঠিছে।কলিয়াবৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ পথছোৱা নিৰ্মানৰ ক্ষেত্ৰত হোৱা ব্যাপক অনিয়ম প্ৰত্যক্ষ কৰিও ৰহস্য জনক ভাবে নিমাত গড়কাপ্তানি বিভাগ।
ৰূপহীহাটৰ পৰা মুকছিদল হকৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages