আলোকপ্ৰভঞ্জন দৈনন্দিন বাৰ্তাৰ বঁটা প্ৰদান - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 21 October 2019

আলোকপ্ৰভঞ্জন দৈনন্দিন বাৰ্তাৰ বঁটা প্ৰদান


২০ অক্টোবৰ : গুৱাহাটী দিছপুৰ লাষ্টগেট পি ডব্লিউ ডি কনভেনৰ্শ্যন চেণ্টাৰ প্ৰেক্ষাগৃহত আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ উদ্যোগত আলোকপ্ৰভঞ্জন বঁটা আৰু দৈনন্দিন বাৰ্তা বটাঁ প্ৰদান আৰু সম্বৰ্দ্ধনা অনুষ্ঠান। উদ্বোধক-শ্ৰীযুত কুমাৰ সঞ্জয় কৃষ্ণ,আই এ এছ,অতিৰিক্ত মুখ্য সচিব,অসম চৰকাৰ। ৰাতি পুৱা বন্তি প্ৰজ্বলন,শ্বহীদ তৰ্পণ (শ্বহীদ সাংবাদিক প্ৰতি), অতিথিৰ আসনগ্ৰহন আৰু সম্বৰ্দ্ধনা,উদ্বোধনী ভাষণ।আলোচনা চক্ৰ আৰু মত-বিনিময় অনুষ্ঠান।সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান-সৰস্বতী বন্দনা পাঠ কৰে নাহীদ আফ্ৰিন। মুখ্য অতিথি-বিশিষ্ট অতিথিৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা,সভাৰ উদ্দেশ্য ব্যাখ্যা, স্মৃতিগ্ৰন্হ উন্মোচন, উন্মোচক-মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা। মুখ্য অতিথি শ্ৰীযুত সৰ্বানন্দ সোনোৱাল মাননীয় মুখ্যমন্ত্ৰী-ভাষণ আৰু বিশিষ্ট অতিথি বক্তব্য।শলাগৰ শৰাই আৰু জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশনেৰে সভা সমাপ্ত।আৰু লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জহিৰুল ইছলামক দৈনন্দিন বাৰ্তাৰ পৰা মানপত্ৰ আৰু বটাঁ প্ৰদান কৰে। দৈনন্দিন বাৰ্তা মুখ্য সম্পাদক-নৰেণ হাজৰিকা আৰু দৈনন্দিন বাৰ্তা সম্পাদক-শংকৰ গোহাঞি।
জহিৰুল ইছলামৰ প্ৰতিবেদন।।

Post Bottom Ad

Pages