শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

উত্তৰ-পূৰ্ৱাঞ্চলৰ অগ্ৰণী চকু চিকিৎসালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ ২৫ বছৰ সম্পূৰ্ণ

১৯৯৪ চনৰ ১৪ অক্টোবৰত আৰম্ভ হোৱা উত্তৰ-পূৰ্ৱাঞ্চলৰ অগ্ৰণী চকু চিকিৎসালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ে ১৪ অক্টোবৰ তাৰিখে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে ৰূপালী জয়ন্তী বিশেষ অনুষ্ঠান এলানিৰ আয়োজন কৰা হয়। বিভিন্ন বাৰে-ৰহণীয়া এই সাংস্কৃতিক সন্ধিয়াত মূখ্য় অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী। তেখেতে খেল আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহত পাৰদৰ্শিতা দেখুওৱা প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে। নিজৰ ভাষণৰ মাজতে এই বিশেষ মঞ্চতে তেওঁ নিজৰ চকুযুৰি দান কৰাৰ কথাও ঘোষণা কৰে। আদৰণী ভাষণ প্ৰদান কৰে শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ অধ্য়ক্ষ তথা ট্ৰাষ্টী ডা: হৰ্ষ ভট্টাচাৰ্যীয়ে। নিজৰ ভাষণত তেওঁ কয় যে সুদুৰ ২৫ বছৰৰ আগতে তেখেতে অনুষ্টুপীয়াকৈ এই চিকিৎসালয়খন আৰম্ভ কৰিছিল আৰু অনেক উত্থান-পতনৰ মাজেদি শ্ৰী শংকৰদেৱ নেত্ৰালয়ে আজি ২৫টা বৰ্ষ অতিক্ৰম কৰিলে। তেওঁ এই যাত্ৰাত যিকোনো প্ৰকাৰেৰে লগ হৈ যিসকল লোকে হস্পিতালখনক এই পৰ্যায় পোৱালেহি তেওঁলোক সকলোকে ধন্য়বাদ জ্ঞাপন কৰে। লগতে আন এজন ট্ৰাষ্টী শ্ৰী কে মুট্টুস্বামীয়ে তেওঁৰ ভাষণত কিদৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ লোকসকলৰ চকুৰ চিকিৎসাৰ প্ৰয়োজন পূৰোৱাৰ বাবে খুব বিনম্ৰ এক প্ৰয়াসেৰে এই হস্পিতালখন আৰম্ভ কৰা হৈছিল এই বিষয়ে জানিবলৈ দিয়ে। লগতে হস্পিতালখনৰ সঞ্চালক (ক্লিনিকেল আৰু একাডেমিক্চ) ডা: কস্তুৰী ভট্টাচাৰ্যীয়ে হস্পিতালৰ এই যাত্ৰাত সন্তোষ প্ৰকাশ কৰে আৰু আগলৈ এই যাত্ৰা অধিক সুখকৰ হ’ব বুলিও আশা প্ৰকাশ কৰে। উল্লেখযোগ্য় যে ১৯৯৪ চনৰ এই দিনটোতে কাঞ্চী কামকোটী পীঠৰ শ্ৰী শংকৰাচাৰ্যৰ আশীৰ্বাদত সাধাৰণ জনগণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ উদ্দেশ্য়েৰে শীমন্ত শংকৰদেৱৰ নামেৰে এই এই হস্পিতালখনি আৰম্ভ কৰা হৈছিল। অনুষ্ঠানত হস্পিতালৰ কৰ্মীবৃন্দ, চিকিৎসকসকলৰ উপৰিও অসমৰ জনপ্ৰিয় গায়িকা জুবলী বৰুৱা আৰু জনপ্ৰিয় গায়ক পদ্মনাভ বৰদলৈ অতিথি হিচাপে উপস্থিত থাকি গীত পৰিবেশন কৰে।
জিতুমণি দাসৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages