মৈৰাবাৰীত ব্যতিক্ৰম ৰূপত এ. পি. জে. আব্দুল কালামৰ জন্ম দিন উৎযাপন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

মৈৰাবাৰীত ব্যতিক্ৰম ৰূপত এ. পি. জে. আব্দুল কালামৰ জন্ম দিন উৎযাপন

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ এ পি জে আব্দুল কালামৰ জন্ম দিন উপলক্ষে মৈৰাবাৰী ড॰ এ পি জে আব্দুল কালাম বিদ্যাপীঠৰ ব্যত্তিকর্মী কাৰ্য্যসূচী।১৫ অক্টোবৰ ১৯৩১ চনত জন্ম গ্ৰহণ কৰা প্ৰয়াত ড॰ এ পি জে আব্দুল কালাম হৈছে এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰ’স্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড॰ এ পি জে আব্দুল কালাম ৰ আজি জন্ম দিন উপলক্ষে সমগ্ৰ ভাৰতবর্ষৰ লগতে মৈৰাবাৰী এ পি জে আব্দুল কালাম বিদ্যাপীঠত বিশ্ব ছাত্ৰ দিৱস উপলক্ষে ব্যতিক্ৰমী কাৰ্য্যসূচী পালন কৰে।বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী সকলে প্লাষ্টিক বৰ্জন ৰ বাবে এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰে। বিদ্যাপীঠ ৰ প্ৰাংগণত দিনজোৰা ভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে । অনুষ্ঠানত মৈৰাবাৰী মহাবিদ্যালিৰ প্ৰবক্তা দলিল আহমেদ, ড০ ৰেহেনা আহমেদ, এচ কে বনিকে এ পি জে আব্দুল কালামৰ দেশৰ বাবে আগবঢ়াই যোৱা ভিন্ন অৱদানৰ কথা ছাত্ৰ ছাত্ৰীক অৱগত কৰে। অনুষ্ঠানত বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰী সকলে প্লাষ্টিক বৰ্জন ৰ বাবে এক নাট মঞ্চস্থ কৰাৰ লগতে উপস্থিত সকলক নীজ হাতে বনোৱা কাপোৰৰ বেগ উপহাৰ দিয়ে আৰু আজিৰ পৰা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব আহ্বান জনায়। বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীৰ এই প্ৰদক্ষেপত সকলোৱে প্ৰশংসা কৰিছে। লগতে ছাত্ৰ ছাত্ৰী সকলে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।
মৈৰাবাৰীৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages