বাঘবৰৰ জলজলী নদীৰ বুকুত নাও খেল প্ৰতিযোগিতা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

বাঘবৰৰ জলজলী নদীৰ বুকুত নাও খেল প্ৰতিযোগিতা

১৫ অক্টোবৰ নগৰবেৰা: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি মাজৰ চৰ আঞ্চলিক ক্লাবৰ সৌজন্যত তিনি দিনীয়া কাৰ্য্যসূচীৰে জলজলী নদীৰ বুকুত নাও খেল প্ৰতিযোগিতা। উক্ত খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বৰপেটা জিলাৰ ছেংঙা সমষ্টিৰ মৈৰাদিয়া চৰৰ ৰাজমুকুট নাও আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে কামৰূপ জিলাৰ ছয়গাও সমষ্টিৰ কৰাইবিল গাওঁৰ মা-হাৱা নামৰ নাও খনে। খেলখনত প্ৰথম পুৰস্কাৰ আছিল হিৰু গ্লেমাৰ বাইক এখন আৰু দ্বিতীয় পুৰস্কাৰ আছিল হিৰো ডিলাক্স বাইক এখন। খেলখনত স্থানীয় পঞ্চায়ত সভাপতি আৰু গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি খেল খন সুকলমে সমাপ্ত কৰে।
নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট :অসম লাইভ

Post Bottom Ad

Pages