এখন বানে গঢ়কা ঠাইৰ লক্ষ্মী পূজা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 15 October 2019

এখন বানে গঢ়কা ঠাইৰ লক্ষ্মী পূজা

ভৱানীপুৰ,১৫ অক্টোৱৰঃ- অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ পালন কৰা হৈছে শ্ৰীশ্ৰী লক্ষ্মী পূজা । নিজৰ লগতে আনৰো ঘৰখন ধনে-ধানে উপচি পৰিবলৈ সকলোৱে আই শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ চৰণত সেৱা জনাইছে । গতিকে আমাৰ দৰ্শক সকলক আজি আমি দেখুৱাম বজালীৰ এখন বানে গঢ়কা ঠাইৰ লক্ষ্মী পূজা । গাঁওখনৰ নাম হৈছে বামুনপাৰা । যিখন গাঁওক বানপানীয়ে প্ৰতি বছৰে জুৰুলা কৰে , প্ৰতিবছৰে বানপানীত তেওলোকৰ যি ধন- ধানৰ ক্ষতি হয় তাৰ পৰা পৰিত্ৰাণ বিছাৰি গাঁওবসীয়ে প্ৰতিবছৰে আই লক্ষ্মীদেৱীৰ চৰণত সেৱা আগবঢ়াই আহিছে । তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে পালন কৰা শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ কাৰ্যসূচী ব্যাখ্যা কৰে সৰুপেটা পূৰ্বাঞ্চল শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ সভাপতি অসীম ডেকাই । লগতে সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰেচ কৌশিক আৰু নিতু নীল কাশ্যপ ।
ভৱানীপুৰৰ পৰা বুবু কলিতাৰ ৰিপোৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages