সদৌ অসম সূলভ মূল্য ব্যৱসায়ী সন্থাৰ বিশেষ সাধাৰণ সভা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 21 October 2019

সদৌ অসম সূলভ মূল্য ব্যৱসায়ী সন্থাৰ বিশেষ সাধাৰণ সভা

লংকাৰ জুৰাপুখুৰীত সদৌ অসম সূলভ মূল্য ব্যৱসায়ী সন্থাৰ বিশেষ সাধাৰণ সভা । বিজেপি চৰকাৰে এক টকীয়া চাউল দি বাহ বাহ লোৱাৰ সময়তে প্ৰাপ্য কমিছনৰ বাবে হাহাকাৰ কৰিব লগা সূলভ মূল্য ব্যৱসায়ী সকলে । হোজাই জিলাৰ জুৰাপুখুৰীত সোমবাৰে সদৌ অসম সূলভ মূল্য ব্যৱসায়ী সন্হা হোজাই জিলাৰ এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাত উপষ্ঠিত থাকে সদৌ অসম সূলভ মূল্য ব্যৱসায়ী সন্হাৰ ৰাজ্যিক সভাপতি ধৰণীধৰ বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক হৰি নাৰায়ন দত্তকে প্ৰমুখ্য কৰি ৰাজ্যিক সমিতিৰ কেইবাজনো বিষয়-ববীয়া আৰু হোজাই জিলাৰ ১৮ খনকৈ সমবায় সমিতিৰ এজেন্ট সকল । সভাতএজেন্ট সকলে বিভিন্ন সময়ত ভোগ কৰা সমস্যাৰাজীৰ ওপৰত বিশদভাবে আলোচনা কৰা হয়। উল্লেখ্য যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত বিজেপি চৰকাৰখনে পৰোচনামূলকভাৱে এজেন্ট সকলক ব্যৱহাৰ কৰি খাদ্য সুৰক্ষাৰ চাউল, কেৰাচিন আদি বিতৰণ কৰাই আহিছে যদিও চৰকাৰে নিৰ্দ্ধাৰণ কৰা কমিচনৰ ধন মাহ মাহ ধৰি অনাদয় ৰাখি এক প্ৰকাৰে পেটত গামোচা বান্ধিব লগা পৰিস্হিতি সৃষ্টি কৰিছে এজেন্ট সকলক । অন্যহাতে খাদ্য সুৰক্ষা আচনিৰ চাউল বিতৰণৰ বাবে চৰকাৰে ১৪৩ টকা প্ৰতি কুইন্টলত দিয়াৰ কথা ঘোষণা কৰিছিল যদিও প্ৰকৃততে এজেন্ট সকলক ১০০.১০ হে দি আহিছে আৰু বাকী ৪২.৯০ টকা এজেন্ট সকলক নিদি চৰকাৰে আত্মসাত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক সভাপতি গৰাকীয়ে । ইফালে চলিত বৰ্ষত কেবল দুই মাহৰ কমিছন হে বৰ্তমানলৈকে চৰকাৰে মোকলাই দিছে আৰু বাকী ৮ মাহৰ কমিছন বৰ্তমালৈকে মোকলাই দিয়া নাই চৰকাৰে । ইয়াৰ ওপৰিও জীৱনৰ অধিকাংশ সময় ৰাইজক সামগ্ৰী বিতৰণ কৰি বহু এজেন্টৰ পৰলোক হৈছে যদিও তেওঁলোকৰ পৰিয়াল লগতে বৃদ্ধ এজেন্ট সকলৰ জীৱন নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্হা গ্ৰহণ কৰা নকৰাত শোভ প্ৰকাশ কৰে এজেন্ট সকলে । অন্যহাতে সামান্যতম পাৰিশ্ৰমিক তাকো অনিয়নীয়া নকৰি নিয়মীয়া কৰা আৰু এজেন্ট সকলে ভোগ কৰা সমস্যা সমূহ চৰকাৰক অতিশীঘ্ৰে দাবী জনোৱা হব বুলি জানিব দিয়ে অসম ৰাজ্যিক আৰু হোজাই জিলা সূলভ মূল্য ব্যৱসায়ী সন্হাৰ বিষয়ববীয়া সকলে । ইফালে হোজাই জিলাত বৰ্তমান সময়ত যোগান বিভাগে যি চাউল এজেন্ট সকলক দি আহিছে সেই চাউল কমন ৰাইচ আৰু ৰাইজে এজেন্ট সকলক দোষাৰোপ কৰি আহিছে আৰু এইক্ষেত্ৰত যোগান বিভাগে ব্যৱস্হা গ্ৰহণ কৰাৰ দাবী জনাই জিলা সমিতিৰ সভাপতি গৰাকীয়ে ।
লংকাৰ পৰা ভূপেন্দৰ সিং বাবুৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages