বিলাসীপাৰা বাঘমাৰীত PMJVK মাৰ্কেট শ্বেডৰ শুভ-উদ্বোধন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 12 October 2019

বিলাসীপাৰা বাঘমাৰীত PMJVK মাৰ্কেট শ্বেডৰ শুভ-উদ্বোধন

বিলাসীপাৰা বাঘমাৰীত PMJVK আঁচনিৰ ২০ লাখ টকীয়াৰ মাৰ্কেট শ্বেডৰ শুভ-উদ্বোধনী কৰে বিধায়ক অশোক কুমাৰ সিংহীয়ে।ধুবুৰী জিলাৰ ২৭ নং পূৱ বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা বাঘমাৰীত ( PMJVk ) আঁচনিৰ বিধায়ক পুঁজিৰ ধনৰে আজি ২০ লাখ টকীয়াৰ মাৰ্কেট শ্বেট শুভ উদ্বোধনী কৰে কৰ্ম – দক্ষতা পূৰ্ণ বিধায়ক অশোক কুমাৰ সিংহীয়ে। উল্লেখযোগ্য যে উদ্বোধনী সভা খনত উপস্থিত থাকে বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝা,আনন্দ নগৰ বাঙালীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি জামাল হক , বাঘমাৰী আঞ্চলিক পঞ্চায়তৰ মুন্না আদিকে ধৰি বিভিন্ন শিতানৰ দলীয় পদৱীদাৰী ব্যক্তি সকল, লগতে উদ্বোধনী সভা খনত প্ৰায় তিনি হেজাৰৰ অধিক লোক উপস্থিত থাকে। মনকৰিবলগীয়া যে উদ্বোধনী অনুষ্ঠানটোত অসম ভিতৰত চৰাত প্ৰায় একমাত্ৰ খ্যাতনামা শিল্পী কুকিলা সৰকাৰে নৃত্য গীত পৰিবেশন কৰি জনসাধাৰণ মন আপ্লুত কৰি তুলিছে বুলি জানিব পৰা গৈছে।
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদনঃ অসম লাইভ

Post Bottom Ad

Pages