জামলাই কল্যানপুৰ গাঁও পঞ্চায়তত বিশাল গাঁওসভা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 7 November 2019

জামলাই কল্যানপুৰ গাঁও পঞ্চায়তত বিশাল গাঁওসভা

কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪২ নং জামলাই কল্যানপুৰ গাঁও পঞ্চায়তত বৃহস্পতিবাৰে বিশাল দৃশ্যৰে গাও সভা অনুষ্ঠিত কৰা হয় ! সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৩নং নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক
৪২ নং জামলাই কল্যানপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেজিয়া চুলতানা
ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য আনোৱাৰা খাতুন
৪২নং জামলাই কল্যানপুৰ গাওঁ পঞ্চায়তৰ সম্পাদক ননীগোপাল সাহা
ছমৰীয়া ব্লকৰ JE খাইৰুল ইছলাম ,আব্দুল বাৰিক, আব্দুল মজিদ মন্ডল লগতে গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা আমাৰ গাঁও আমাৰ আঁচনি ৰূপায়ণ কৰা উপলক্ষে ভাষন প্ৰদান কৰে । সভা খনত ৰাইজৰ অভাৱ অভিযোগ আদি বুজ লয় আৰু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত গুৰত্ব আৰোপ কৰা হব বুলি ভাষন প্ৰদান কৰে !
নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট : অসম লাইভ

Post Bottom Ad

Pages