নগৰবেৰাত সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ সামৰণি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 1 November 2019

নগৰবেৰাত সদৌ অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাৰ সামৰণি

নগৰবেৰাৰ ৰঙ্গেশ্বৰীত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি।জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই উদ্ধোধন কৰে প্ৰতিযোগিতা খনৰ চুড়ান্ত খেল খন।স্থানীয় মুকুতা ক্লাৱৰ উদ্যোগত আৰু ৰঙ্গেশ্বৰী টুপামাৰী ৰাইজৰ সহযোগত ৰঙ্গেশ্বৰী উন্নয়ন সমিতিৰ খেলপথাৰত ১৫ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে ব্যাপক উৎসা উদ্দীপনাৰে কালি বিয়লি সময়ত সামৰনি পৰে।সামৰনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হৈ চুড়ান্ত খেলখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই।মেঘালয়ৰ ৰেণ্ডু মতিৰাং ফুটবল দল আৰু তাছা ফুটবল দলৰ মাজত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনত তাছা ফুটবল দলে ৪-১ গলৰ ব্যৱধানত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ বিজয়ী খিতাপ লাভ কৰাৰ বিপৰীতে ৰেণ্ডু মতিৰাং ফুটবল দলে বিজেতা খিতাপ লাভ কৰে।সামৰনি অনুষ্ঠানত অগনন ক্ৰীড়া অনুৰাগীৰ ভিৰে যথেষ্ট উৎসাহিত কৰিলে দুয়োদলৰ খেলুৱৈ সকলক।উল্লেখ্য যে, প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ২৪ টা ফুটবল দলে যোগদান কৰিছিল।
নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্ট :অসম লাইভ

Post Bottom Ad

Pages