অশীতিপৰ সৰবৰাহী মহিলাৰ মৃত্যুত শোক - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 2 November 2019

অশীতিপৰ সৰবৰাহী মহিলাৰ মৃত্যুত শোক

কয়াকুছি, ২ নৱেম্বৰঃ বৰপেটা জিলাৰ কয়াকুছি পাথাৰ নিবাসী প্ৰয়াত লাল মাহমুদ মিৰ্ধাৰ পত্নী নীলজান নেছাৰ যোৱা ১ নৱেম্বৰৰ দিনা নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মহিলাগৰাকীৰ মৃত্যুত কয়াকুছি পাথাৰত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে মৃতক নীলজান নেছা হৈছে মুক্ত সাংবাদিক তথা গ্ৰাফিক ডিজাইনাৰ চুলতান মাহমুদ মিৰ্ধাৰ আইতা। মহিলাগৰাকী আক্ষৰিক অৰ্থত নিৰক্ষৰ আছিল যদিও সমাজৰ প্ৰতি তেওঁৰ আছিল পূৰ্ণ দায়বদ্ধতা। নিজে অশিক্ষিত হ’লেও এটা সময়ত নিজ বোৱাৰীসকলৰ জৰিয়তে কিতাপ শুনি শুনি তেওঁ অন্য বহুতো শিক্ষিত নাৰীসকলৰ দৰেই হৈ পৰিছিল। পুত্ৰসকলক শিক্ষিত কৰি তুলিব নোৱাৰিলেও নাতি-নাতিনীসকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অতুলনীয়। চুলতান মাহমুদ মিৰ্ধাৰ সাংবাদিক জীৱনৰ অন্যতম পৰামৰ্শদাতা আছিল এইগৰাকী মহিলা। মৃত্যুৰ সময়ত ছয়গৰাকী পুত্ৰ-বোৱাৰীসহ কেবাগৰাকী নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়। সিদিনা ৰাতিপুৱা ১০ বজাত মহিলাগৰাকীৰ জানাজা আৰু অন্তেষ্টিক্ৰিয়া সম্পন্ন হয়। মহিলাগৰাকীৰ মৃত্যুত কয়াকুছি প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰিছে।

Post Bottom Ad

Pages