ৰৌমাৰী গাঁৱৰ আছমা খাতুন সন্ধানহীন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 1 December 2019

ৰৌমাৰী গাঁৱৰ আছমা খাতুন সন্ধানহীন

নগাঁও জিলাৰ আহোম গাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ চুবেদ আলী নামৰ লোক জনৰ একমাত্ৰ কন্যা আছমা খাতুন যোৱা ২৫ নবেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে ১৪ বছৰীয়া কিশোৰী গৰাকীয়ে সেই দিনা বিয়লি ৩ বজাত সমীপৰে বাৰোৱাটি গাঁৱৰ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা সংখ্যালঘু বৃত্তিৰ ধন উলিওৱাবলৈ গৈছিল। পাছত নিশালৈকে কিশোৰী গৰাকী ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। পাছত ওচৰ পাজৰ, আত্মীয় স্বজন, বন্ধু বান্ধৱ ঘৰত খৱৰ লৈ কোনো শুংসূত্ৰ নাপাই অৱশেষত ২৮ নৱেম্বৰত আহোম গাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে। আজি ৬ দিন উকলাৰ পাছতো কিশোৰী গৰাকীৰ কোনো শুংসূত্ৰ নাপাই হতাশাত ভাগি পৰা পৰিয়ালটো। একমাত্ৰ কন্যাৰ সন্তানৰ অঅবৰ্তমানত পিতৃ মাতৃয়ে কান্দি কান্দি চকু পানীৰে বাট নেদেখা হৈ পৰিছে। পৰিয়ালৰ লোকৰ সন্দেহ আচমা খাতুনক কোনো দুৰ্বৃত্তই অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ। কোনো সদাশয় ব্যক্তিয়ে কিশোৰী গৰাকীৰ কিবা শুংসূত্ৰ পালে আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। বটদ্ৰৱাৰ পৰা নিপন নাথ  ৰিপৰ্ট

Post Bottom Ad

Pages