নগাঁৱত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ড স্বয়ম্ভু আমছূৰ সভাপতি - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 7 February 2020

নগাঁৱত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত মূল মাষ্টাৰ মাইণ্ড স্বয়ম্ভু আমছূৰ সভাপতি


৬ ফেব্ৰুৱাৰী: "অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো কিছুদিন ধৰি বৃদ্ধি পাইছে অবৈধ গৰুৰ বেহা। নগাঁও জিলা আৰক্ষী প্ৰশাসনে অবৈধ গৰু চেণ্ডিকেটৰ বিৰুদ্ধে অহৰহ ভাৱে চলাই আহিছে অভিযান। তাৰ মাজতে যোৱা ৩১ জানুৱাৰী মাজ নিশা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত গৰু ভৰ্তি ৬টা ট্ৰাক সহ ১৩ ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাত জড়িত মূল মাষ্টাৰ মাইণ্ড স্বয়ম্ভু আমছূৰ সভাপতিক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে।" - এই মন্তব্য সদৌ অসম সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকৰ। আজি জুৰীয়াত আয়োজন কৰা এক সংবাদ মেলত এইদৰে মন্তব্য কৰি কয়, গাড়ীকেইটা মোৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি সন্দেহ কৰি সেই আখেজত গৰু ভৰ্তি গাড়ীসমূহ বাংলাদেশত গৰু চালান কৰা কুখ্যাত মাফিয়া, ডকাইতৰ স্বৰ্দাৰ তথা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত, আমছুৰ পৰা খেদা খাই নিজে আমছূৰ সভাপতি হিচাপে দাবী কৰা এজন দালালে মোৰ বিৰুদ্ধে আকৌ উঠি পৰি লাগিছ । নিজকে ধূৱা তুলসীৰ পাত সজাই আইনৰ পৰা হাত সাৰিবলৈ সেই গৰু বেপাৰী সকলৰ সহযোগত মোৰ মান সম্মান হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনকি যোৱা কালি এটা ব্যক্তিগত ৱেব পৰ্টেলৰ জৰিয়তে গম পাও ৩১ তাৰিখে গ্ৰেপ্তাৰ হোৱা গৰু ভৰ্তি ট্ৰাক বাংলাদেশত লৈ যোৱাটো মোৰ হাত আছে । এইবোৰ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন কথা। নগাঁও জিলা আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছোঁ যে ৩১ তাৰিখে গ্ৰেপ্তাৰ হোৱ মুঠ ১৩ জন আচামীগন সৈতে মোৱাইল যোগে কাৰ যোগাযোগ হৈছিল ? মই আবুবক্কৰ ছিদ্দিকৰ হৈছিল নে সেইজন দালালৰ লগত হৈছিল ? নিচ্ছয় আৰক্ষীয়ে তদন্ত কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব। সকলোৱে জানে মেহদি আলম( ৰিবুল) আৰু দালাল জনে একেলগে বহুদিন ধৰি অবৈধ গৰু বেহাৰ লগত জড়িত আছে । তেনে সময়ত মই দিনে ৰাতিয়ে সংগঠনৰ সাংগঠনিক কাম-কাজত ব্যস্ত আছো। আচলতে এনে মিছা ভিত্তিহীন অপপ্ৰচাৰ কৰা জনক ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে বহু সংখ্যক পহু সহ প্ৰায় ২৫ জন ব্যক্তি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যি আদৰনীয় পদক্ষেপ দেখুৱাইছে লগে লগে জিলা প্ৰশাসনক আমি আদৰনি জনাইছিলো । নৱ নিযুক্ত নগাঁও আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক,উপ-আৰক্ষী অধীক্ষকে ধৰি সমূহ নগাঁও আৰক্ষী বিষয়া সকলক ধন্যবাদ জনাইছোঁ। যাতে পৰবৰ্তী সময়ত বিভিন্ন জাতীয় দল-সংগঠন, সচেতন ব্যক্তি আৰু সংবাদ মাধ্যমৰ সহযোগত নগাঁও জিলাত চলি থকা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অহৰহ ভাবে অভিযান চলাই আগবাঢ়ি যাব পাৰে।

Post Bottom Ad

Pages