বঙাইগাঁৱত হোলী উপলক্ষ্যে ১০ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 7 March 2020

বঙাইগাঁৱত হোলী উপলক্ষ্যে ১০ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা

ফাকুৱা উপলক্ষ্যে অহা ১০ মাৰ্চ দিনটো সমগ্ৰ বঙাইগাঁও জিলাখনতে প্ৰযোজ্য হোৱাকৈ জিলা প্ৰশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে । বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম.এছ লক্ষ্মীপ্ৰিয়াৰ এক নিৰ্দ্দেশ যোগে উক্ত দিনটো সমগ্ৰ বঙাইগাঁও জিলাতে হোলী উপলক্ষ্যে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। উক্ত দিনা জিলাখনত থকা ৰাজ্য চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় , অৰ্ধচৰকাৰী কাৰ্যালয়, ৰাজহ আদালত, সকলো শিক্ষানুষ্ঠান আৰু জিলাখনত থকা সকলো বিত্তীয় অনুষ্ঠান সমূহ বন্ধ থাকিব ।
অবশ্যে এই আদেশ চলি থকা পৰীক্ষা আদিৰ ক্ষেত্রত প্ৰযোজ্য নহ'ব ।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ ৰিপোৰ্ট। অসম Live.

Post Bottom Ad

Pages