জুৰীয়াত সংবাদ ক্লাৱৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ডি আই জি সত্যৰাজ হাজৰিকা। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 8 March 2020

জুৰীয়াত সংবাদ ক্লাৱৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ডি আই জি সত্যৰাজ হাজৰিকা।

জুৰীয়াত সংবাদ ক্লাৱৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত ডি আই জি সত্যৰাজ হাজৰিকা।
অসম লাইভঃ জুৰীয়া

আজি নগাঁও জিলাৰ জুৰীয়া সাংবাদিক সন্থাৰ এখন কাৰ্যালয় মুকলি কৰা হয়।২০২০ চনৰ জানুবাৰী মাহতে উত্তম বৰাক সভাপতি ফজলুল হকক সাধাৰণ সম্পাদক হিচাৱে ২১ জনীয়া সদস্যৰে গঠিত হৈছিল সংৱাদ ক্লাৱ। সংৱাদ ক্লাৱৰ কাৰ্যালয়টি আজি শুভ উদ্বোধন কৰে মধ্য অসমৰ আৰক্ষী মহা উপ-পৰিদৰ্শক সত্যৰাজ হাজৰিকাই। কাৰ্যালয়টি উদ্বোধনৰ সময়ত হাজৰিকাক সঙ্গ দিয়ে নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ আৰু নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই ।
  নগাঁও জিলাৰ জুৰিয়াত ইলেক্ট্ৰনিক মিডিয়াৰ লগতে সৰু বৰ বাতৰি কাকত আৰু Web media ৰ সাংবাদিক সকলৰ বহুদিনীয়া এটি অভাৱ সম্পূৰ্ণ হয় ৷ বহু কষ্টৰ মাজত ৰাস্তাই ঘাটে বহি নতুবা কাৰোবাৰ ঘৰত বহি জুৰিয়া অঞ্চলৰ বাতৰি সমুহ প্ৰেৰণ কৰিব লগা হয় ৷ এই কষ্ট নাশ কৰি আজি জুৰিয়া বজাৰত সাংবাদিক সন্থাৰ কাৰ্যালয়টি উদ্বোধন কৰা হয় ৷ হাজৰিকা দেৱে ফিটা কাতি কাৰ্যালয়টি উদ্বোধন কৰাৰ লগতে নাৰিকল ভাঙি শুভ উদ্বোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীযুত অভিজিৎ গৌৰৱ দেৱে ৷ উদ্বোধনী ভাষনত ডি আই জি সত্যৰাজ হাজৰিকাই কয়--জুৰীয়া সংবাদ ক্লাৱৰ কাৰ্যালয়টি শুভ উদ্বোধন কৰিবলৈ পাই মই নিজকে ধন্য মানিছো। এই কাৰ্যালয়ত সাংবাদিক সকলক অতি নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানটোত নগাঁও প্ৰেছ ক্লাৱৰ কেইবাজনো জেষ্ঠ সাংবাদিক ও জুৰীয়া বাসী ৰাইজ উপস্থিত থাকে।

Post Bottom Ad

Pages