নগাওঁ জিলাৰ জুৰিয়াৰ গদাইমাৰী গাওঁ পঞ্চায়তত দৰিদ্ৰ ৰাইজক দিয়া সাহায্যৰ ব্যাপক বিসংগতি । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 6 April 2020

নগাওঁ জিলাৰ জুৰিয়াৰ গদাইমাৰী গাওঁ পঞ্চায়তত দৰিদ্ৰ ৰাইজক দিয়া সাহায্যৰ ব্যাপক বিসংগতি ।


 অসম চৰকাৰে LOCKDOWN ৰ সময় চোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ আৰ্থিক দিশ টোৰ প্ৰতিও লক্ষ্য কৰি নানা ব্যৱস্হা হাতত লৈছে। খাদ্যসুৰক্ষা আচনিৰ অধিনত পৰা সকলো পৰিয়ালকে খাদ্য সামগ্ৰী দিয়াৰ লগতে যিসকল লোক এই আচনিৰ আওটাত নাই তেনে দৰিদ্ৰ পৰিয়ালক মুখ্যমন্ত্ৰী সোনোৱালৰ নিৰ্দেশ মৰ্মে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্দশ বিত্তিয় আয়োগৰ পুঁজিৰে প্ৰতিটো পঞ্চায়ত এলেকাত এশৰ পৰা দুশ হিতাধিকাৰী নিৰ্বাচন কৰি প্ৰতিটো পৰিয়ালক ১০০০ টকাকৈ এককালিন সাহায্য প্ৰদান কৰে। তেনে সময়তে দৰিদ্ৰ ৰাইজক দিয়া ১০০০ টকা সাহায্যৰ ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে জুৰিয়াৰ গদাইমাৰী গাওঁ পঞ্চায়তত , দৰিদ্ৰ ৰাইজক বঞ্চিত কৰি চৰকাৰী সাহায্য লাভ কৰিলে ৰেচন কাৰ্ড থকা বিয়াক্তিয়ে যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলজুৰি ।


যিটো সময়ত গোটেই পৃথিৱীয়ে এই ভয়ংকৰ মহামাৰীৰ লগত যুঁজি আছে  সেইটো সময়ত দুৰ্নীতি কৰা লোকসকল দৰিদ্ৰৰ ধন লুন্ঠন কৰা কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ।
জানিব পৰা মতে গাওঁ পঞ্চায়তৰ প্ৰতিনিদি সকলৰ ঘনিষ্ঠ সম্পৰ্ক থকা সকলক হে এই সাহায্য প্ৰদান কৰে বুলিও অভিযোগ উত্থাপিত হৈছে

জুৰিয়াৰ পৰা আজমল হুছেইন ৰ সহযোগত টৌছিফ আহমেদৰ ৰিপোৰ্ট  অসম লাইভ |

Post Bottom Ad

Pages