মহামাৰী ক'ৰণাৰ সময়ত নগাঁৱত সহস্ৰাধিক আৰ্তজনলৈ 'সুগন্ধি' প্ৰতিষ্ঠানৰ সহায়ৰ হাত - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 20 April 2020

মহামাৰী ক'ৰণাৰ সময়ত নগাঁৱত সহস্ৰাধিক আৰ্তজনলৈ 'সুগন্ধি' প্ৰতিষ্ঠানৰ সহায়ৰ হাত

:::নগাঁৱত সহস্ৰাধিক আৰ্তজনলৈ 'সুগন্ধি' প্ৰতিষ্ঠানৰ সহায়ৰ হাত :::
মহামাৰী ক'ৰণা ভাইৰাছে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টী কৰা সময়তে বিশেষকৈ কেতবোৰ মানবতাবাদী কাৰ্য্যই ৰাইজৰ মাজৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। চৰকাৰে ঘোষণা কৰা দীৰ্ঘদিনীয়া লকডাউনৰ বাবে আৰ্থিকভাৱে দুৰ্দশাগস্থ শ্ৰমজীৱী জনসাধাৰণে যথেষ্ট দূৰ্য্যোগৰ সন্মুখীন হ'বলগা হৈছে। সেইসকল লোকৰ প্ৰতি বিভিন্ন জন সুহৃদে সহায়ৰ হাত আগৱঢ়োৱাৰ সমান্তৰালকৈ নগাঁও জিলাৰ 'সুগন্ধি' প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সত্যজিৎ বৰা, প্ৰাণজিৎ বৰা আৰু ৰাজানন বৰাই  নিজা প্ৰচেষ্টাত কেইবাদিনো ধৰি জিলাখনৰ সদৰ আৰু বটদ্ৰৱা  সমষ্টিৰ কেইবাসহস্ৰাধিক দৰিদ্ৰলোকক আৰ্থিক সাহাৰ্য্য আগৱঢ়োৱাৰ লগতে চেনিটাইজাৰ, মাক্স আদি বিতৰণ কৰে।
উল্লেখ্য যে , ব্যক্তিকেইগৰাকীয়ে আজি তেওলোকৰ জন্ম ঠাই বটদ্ৰৱা সমষ্টিৰ মুকলি ন-সত্ৰৰ প্ৰায় দুই শতাধিক  দৰিদ্ৰ পৰিয়ালৰ মাজত ৫০০ টকাকৈ আৰ্থিক সাহাৰ্য্যৰ লগতে  চাউল, দাইল, চিৰা, বিস্কুত আদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিছে। ব্যক্তিকেইজনৰ এই প্ৰচেষ্টাক জিলাখনৰ সচেতন ৰাইজে শলাগ লৈছে।

     # ধিঙৰ পৰা শিবান জ্যোতি কাকতিৰ ৰিপৰ্ট ।।

Post Bottom Ad

Pages