কামৰূপ-নলবাৰী সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনা নৈৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 30 April 2020

কামৰূপ-নলবাৰী সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনা নৈৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।

কামৰূপ-নলবাৰী সীমান্তৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনা নৈৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । নলবাৰী অভিমুখী AS 14 J 1432 নম্বৰৰ এল্টো ৮০০ দুৰ্ঘটনাগ্ৰস্থ । দলঙৰ ৰেলিংত খুন্দা চাৰি চকীয়া বাহনখনৰ ।
দুৰ্ঘটনাটোত চুৰ্ন বিচুৰ্ণ হৈছে এল্টো ৮০০ বাহনখন । এজন থিতাপি নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হৈছে । যুৱক দুজনৰ ঘৰ নলবাৰীৰ ধমধমাত ।

গুৰুতৰভাৱে আহতজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পুৱাৰ ভাগত । ইফালে দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে বাহনখনৰ পৰা প্ৰায় এশ ফুট দূৰত নোনা নৈত চিটিকি পৰিছিল যুৱকজন ।
যাৰ ফলত কৰুণভাৱে মৃত্যুক আকোৱালি লৈছিল যুৱকজনে । মাজ নিশা ভাগত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ।

       ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপৰ্ট ASSAM LIVE  ।।

Post Bottom Ad

Pages