লকডাউনৰ সুযোগ বুজি ৰঙিয়াত ড্ৰাগছ ব্যৱসায়ীয়ে চলাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱহাৰ । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 14 May 2020

লকডাউনৰ সুযোগ বুজি ৰঙিয়াত ড্ৰাগছ ব্যৱসায়ীয়ে চলাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱহাৰ ।

 লকডাউনৰ সুযোগ বুজি ৰঙিয়াত ড্ৰাগছ ব্যৱসায়ীয়ে চলাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱহাৰ । 
           ৰাজ্যত অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন । লকডাউনৰ সুযোগ বুজি ৰঙিয়াত ড্ৰাগছ ব্যৱসায়ীয়ে চলাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱহাৰ ।
বৃহস্পতিবাৰে ৰঙিয়াৰ ইকো পাৰ্কৰ সমীপত আৰক্ষীৰ অভিযান । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী এজন যুৱক । ধৃত যুৱকজন হৈছে ৰঙিয়াৰ নগৰত ভাৰতীয় হিচাপে থকা আব্দুল কাদিৰ ওৰফে মিথুনক ।
মিথুনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৯ টাকৈ ড্ৰাগছ কন্টেইনাৰ টোপোলা । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ বিক্ৰী কৰা সময়ত ব্যৱহাৰ কৰা AS 01 BE 2491 নম্বৰৰ এল্টো K10 বাহন এখন ।
উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সুলভ মূল্যৰ দোকানৰ দৰে পোৱা যায় ড্ৰাগছ । বৃহস্পতিবাৰে আৰক্ষীয়ে লকডাউনৰ সময়ত আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক । সৰবৰাহকাৰী যুৱকজনক ৰঙিয়া থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
হয়তো আৰক্ষীৰ সঠিক তদন্তত ওলাই পৰিব ড্ৰাগছ সৰবৰাহত জড়িত আনসকল ৰৌ-বৰালি ।

ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপোৰ্ট ASSAM LIVE |

Post Bottom Ad

Pages