মন্ত্ৰী কেশৱ মহন্তৰ কমলপুৰৰ আঠগাৱত ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 2 May 2020

মন্ত্ৰী কেশৱ মহন্তৰ কমলপুৰৰ আঠগাৱত ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ ।

মন্ত্ৰী কেশৱ মহন্তৰ কমলপুৰৰ আঠগাৱত ভগ্ন মথাউৰি পুনৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ ।২০১৯ বৰ্ষত অসমৰ ভিতৰতে  আঠগাৱত   প্ৰায় ৮০ মিটাৰ ঠাই পুঠিমাৰী নৈ ৰ প্ৰৱল সোতে উটুৱাই নি কমলপুৰৰ লগতে হাজোৰ বিস্তৃৰ্ণ এলেকা জলমগ্ন কৰিছিল ।
চলিত বৰ্ষত মথাউৰিটো পুন:নিৰ্মাণ ৰ কাম  ৰঙিয়াৰ জলসম্পদ বিভাগে হাতত ললে যদিও কৰ'না ভাইৰছৰ বাবে চলি থকা লকডাউনৰ বাবে নিৰ্মাণৰ কাম স্তব্ধ হৈ পৰিছিল । বাৰিষাৰ পৃৰ্বে ৰাজ্য চৰকাৰে সামাজিক দূৰত্ব অটুট ৰাখি মথাউৰি সমূহৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পিছত পুঠিমাৰীৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম বিভাগীয় মন্ত্ৰী গৰাকী পৰ্যবেক্ষণ কৰিবলৈ আহি বাৰিষাৰ পৃৰ্বে নিৰ্মাণৰ কাম শেষ কৰিব বুলি সাংবাদিক খোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।
পৰ্যবেক্ষণ কালত মন্ত্ৰী গৰাকী ৰ লগত সংগ দিয়ে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য ই ।


বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপোৰ্ট ASSAM LIVE।

Post Bottom Ad

Pages