সংহাৰী কৰোনা ভাইৰাছৰ বাবে বিপৰ্যস্ত দেশৰ অৰ্থনীতি । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 20 May 2020

সংহাৰী কৰোনা ভাইৰাছৰ বাবে বিপৰ্যস্ত দেশৰ অৰ্থনীতি ।

সংহাৰী কৰোনা ভাইৰাছৰ বাবে বিপৰ্যস্ত দেশৰ অৰ্থনীতি ।
       সংহাৰী কৰোনা ভাইৰাছৰ বাবে বিপৰ্যস্ত দেশৰ অৰ্থনীতি । বিধ্বস্ত অৰ্থনৈতিক অবস্থা সুস্থিৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মানিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ বিশেষ পেকেজ । স্ব নিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ কুছকাৱাজ চলি থকাৰ সময়তে   কুটিৰ শিল্পৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰা এহেজাৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।


প্লাষ্টিকৰ আগ্ৰাসনৰ বাবে এই কুটিৰ শিল্পটোলৈ নামি আহিছে অশনি সংকেত । কামৰূপৰ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  বাৰেডলা,  জয়ন্তীপুৰ অঞ্চলৰ একাংশ লোকৰ আশাশুধীয়া প্ৰচেষ্টাত বৃহত্তৰ অঞ্চলটোত গঢ় লৈ উঠিছে এক ব্যতিক্ৰমী কুটিৰ শিল্প।










মুৰ্গীৰ পোৱালি সৰবৰাহ কৰাৰ ক্ষেত্ৰত যি খাচাৰ (খোখাৰ) প্ৰযোজন হয় সেই খোখা সমুহ  বাহেৰে সুন্দৰ ভাবে প্ৰস্তুত কৰি অঞ্চলবাসীয়ে অনেক বহুজাতিক কোম্পানীলৈ ৰপ্তানি কৰি এখন সুন্দৰ বজাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়া ভাবে অনেক বহুজাতিক প্ৰতিষ্ঠানে প্লাষ্টিকৰ খোখা প্ৰস্তুত কৰি এই বাহৰ খাচা নিৰ্মাণ কৰা উদ্যোগটোলৈ ভাবুকি কঢ়িয়াই আনিছে ।
                                                                                     
যাৰ বাবে স্বাৱলম্বিতাৰ বিৰল নিদৰ্শন দাঙি ধৰা হাজাৰোধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা । সেয়ে অঞ্চলবাসীৰ চৰকাৰলৈ কাতৰ আহ্বান আত্মানিৰ্ভৰশীল  ভাৰত নিৰ্মাণৰ এই সময়ছোৱাত প্লাষ্টিকৰ আগ্ৰসন ৰোধ কৰি অঞ্চলবাসীক উদ্ধাৰ কৰক। 

বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপোৰ্ট
অসম লাইভ ।

Post Bottom Ad

Pages