এইবাৰ ঈদত নহয় সমুহীয়া নমাজ । ৰঙিয়াৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ এই সিদ্ধান্ | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 23 May 2020

এইবাৰ ঈদত নহয় সমুহীয়া নমাজ । ৰঙিয়াৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ এই সিদ্ধান্ |

এইবাৰ ঈদত নহয় সমুহীয়া নমাজ । ৰঙিয়াৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ এই সিদ্ধান্ |

       সমগ্ৰ বিশ্বত মহামাৰী ক'ৰোনাৰ সংহাৰ । এইবাৰ ঈদত নহয় সমুহীয়া নমাজ । ৰঙিয়াৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ এই সিদ্ধান্ত । চৰকাৰী নিয়ম-কানুন মানি সকলোকে নমাজ আদায়ৰ আহ্বান । এটা দিন পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল্ ফিটৰ । এমাহ ৰোজা ৰাখি উলাই-মালহেৰে প্ৰত্যেক বছৰে পালন কৰে ঈদ উল্ ফিটৰ । ঈদগাহ ময়দান সমুহত কেইবা সহস্ৰাধিক লোকে ৰাজহুৱাভাৱে ঈদৰ নমাজ আদায় কৰে ।
কিন্তু লকডাউনৰ বাবে এইবাৰ সমুহীয়াভাৱে পালন নকৰে ঈদ । ৰঙিয়াৰ ঈদগাহ ময়দান সমুহত সমুহীয়াভাৱে নমাজ পঢ়াৰ পৰা বিৰত থাকিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে । তাৰ বিপৰীতে সামাজিক দূৰত্ব বজাই ৰাখি আনুষ্ঠুপীয়াকৈ ঘৰে ঘৰে পালন কৰিব ঈদ । প্ৰত্যেকে নিজৰ নিজৰ ঘৰতে আদায় কৰিব ঈদৰ নমাজ । ক'ৰোণা ভাইৰাছৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পাব পাৰে তাৰ বাবে লৈছে এই সিদ্ধান্ত । 
লগতে ৰঙিয়া ঈদগাহ কমিটিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাইছে যাতে দিনা যাতে আনন্দ স্ফুৰ্তি কৰি লকডাউন ভংগ নকৰে । ঘৰতে থাকি সুৰক্ষিত থাকি ঈদ উদযাপন কৰিবলৈ আহ্বান । 

     ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপোৰ্ট অসম লাইভ ।

Post Bottom Ad

Pages