কলগাছিয়াত খাদ্য সংকটত পৰা শতাধিক পৰিয়ালক সাহাৰ্য বিতৰণ কৰিলে এটি সেচ্ছাসেৱী সংগঠনে | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 3 May 2020

কলগাছিয়াত খাদ্য সংকটত পৰা শতাধিক পৰিয়ালক সাহাৰ্য বিতৰণ কৰিলে এটি সেচ্ছাসেৱী সংগঠনে |

কলগাছিয়াত খাদ্য সংকটত পৰা শতাধিক পৰিয়ালক সাহাৰ্য বিতৰণ কৰিলে এটি সেচ্ছাসেৱী সংগঠনে |

           
                      কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া, খাৰবাল্লী, সুতিৰপাথাৰ আদি গাঁৱৰ দৰিদ্ৰ আৰু শাৰিৰীক ভাৱে অক্ষম খাদ্য সংকটত পৰা শতাধিক লোকক হেল্পলাইন ফাউণ্ডেশ্বন নামৰ এটি বেচৰকাৰী সেচ্ছাসেৱী সংগঠনে চাউল, ডালি, নিমখ, মিঠাতেল, আলু, পিয়াজ আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে |
 উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সংগঠনটোৱে জনিয়া সমষ্টিৰ চৰচাপৰিৰ গুইলেজা, বৰডাংগা, চৰচৰীয়া, খাৰবাল্লী আদি গাৱৰ তিনি শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে | কোনো সদাশয় ব্যক্তি বা দল সংগঠনে হেল্পলাইন ফাউণ্ডেশ্বনৰ জড়িয়তে দুখীয়া ৰাইজক সহায় কৰিব বিচাৰিলে Helpline Foundation ৰ A/C- 36000364041
Ifsc-SBIN0005091, State Bank of India Kalgachia শাখাত আৰ্থিক সহায় কৰিবলৈ ফাউণ্ডেশ্বনৰ সঞ্চালক শ্বাফিউল হাচানে অনুৰোধ জনাইছে |
সম্প্ৰতি দুৰ্গত মানুহৰ কাষত স্ব-ইচ্ছাই সংগঠনটোৱে আগুৱাই অহাত প্ৰসংশা কৰিছে ৰাইজে|

       সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন ASSAM LIVE।

Post Bottom Ad

Pages