ড্ৰাগচ ক্ৰয় কৰাৰ বাবে বাইক চোৰ । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 11 May 2020

ড্ৰাগচ ক্ৰয় কৰাৰ বাবে বাইক চোৰ ।

ড্ৰাগচ ক্ৰয় কৰাৰ বাবে বাইক চোৰ ।
     
ড্ৰাগচ ক্ৰয় কৰাৰ বাবে বাইক চোৰ । বাইক চোৰ কৰি   বাইহাটা আৰক্ষীৰ জালত দুই বাইক চোৰ । চুৰি কাৰ্য্য সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ কৰে চুৰি হোৱা বাইক লগতে আটক কৰে দুই বাইক চোৰ ।
মহঃ নুৰ হুছেইন আৰু মহঃ জিয়ানুৰ ৰহমান নামৰ যুৱক দুজনে বাইহাটা চাৰিআলিৰ ৰামধেনু নামৰ ধাবাৰ সন্মুখৰ পৰা চুৰি কৰি নিছিল পালচাৰ ২২০ বাইক এখন ।
বাইক চুৰি হোৱা সন্ধৰ্ভত বাইহাটা আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিচতে আৰক্ষীয়ে অভিযান চলাই বাস্কা জিলাৰ কুমাৰিকাটাৰ পৰা চোৰ দুজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰে চুৰি বাইকখন । দুয়োজন বাইক চোৰ ড্ৰাগচ আশাক্ত আছিল বুলি জানিব দিয়ে বাইহাটা চাৰিআলিৰ ভাৰপ্ৰাাপ্ত বিষয়া গৰাকীয়ে ।

বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages